গতি নৱম শ্ৰেণীৰ বিজ্ঞান - অধ্যায় 6৮
নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, EduAid য়ে তোমালোকৰ বাবে বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ প্ৰশ্নৱালী সমূহৰ সমাধান প্ৰস্তুত কৰি উলিয়াইছে। আশা কৰো তোমালালোক ইয়াৰ দ্ৱাৰা উপকৃত হ’বা ।
Subject matter experts of EduAid has ardently given all the efforts to prepare the solutions fo you. You can navigate through these solutions using the table of content given below.
In this article, we have brought the solutions for the first chapter of your Science text book. The first chapter of Science for class 9 in Assamese is : অনু আৰু পৰমাণু।
Table of Contents
জীৱৰ মৌলিক একক - চমু আভাস
|
|
|
|---|---|
|
শ্ৰেণী
|
নৱম
|
|
বিষয়
|
সাধাৰণ বিজ্ঞান (Science)
|
|
পাঠ
|
গতি
|
|
অধ্যায়
|
অধ্যায় ৮
|
|
মাধ্যম
|
অসমীয়া
|
|
পাঠ্যক্ৰম
|
ছেবা (SEBA )
|
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (১) - পৃষ্ঠা নং
1. বস্তু এটাই এক নির্দিষ্ট দূৰত্ব অতিক্রম কৰিলে ইয়াৰ সৰণ শূণ্য’হ’ব পাৰেনে? যদি পাৰে, তেন্তে তােমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।
উত্তৰঃ কোনাে এটা বস্তুৱে এক নির্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ সৰণ শূণ্য হ’ব পাৰে। উদাহৰণস্বৰূপে, এখন বৃত্তাকাৰ খেলপথাৰৰ এটা নির্দিষ্ট বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি খেলপথাৰৰ চাৰিওফালেৰে এপাক ঘূৰি আহি আগৰ বিন্দু (য’ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল) ত উপস্থিত হলে ইয়াৰ সৰণ শূণ্য হ’ব। কাৰণ, প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেটাই হব। সৰণ হ’ল প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব।
2. খেতিয়ক এজনে 10m বাহুৰ বর্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্রমণ সম্পূর্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হােৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?
উত্তৰঃ ইয়াত,
বর্গাকৃতি পথাৰখনৰ বাহুৰ দীঘ = 10m
ইয়াৰ পৰিসীমা = 10 × 4 = 40 m
অতিবাহিত হােৱা মুঠ সময, t = 2 মিনিট 20 ছেকেণ্ড = 140 ছেকেণ্ড
40 ছেকেণ্ডত ভ্রমণ সম্পূর্ণ কৰে = 1 বাৰ
∴140 ছেকেণ্ডত ভ্রমণ সম্পূর্ণ কৰে = 3½ বাৰ।
গতিকে, 3 বাৰ ভ্ৰমণ সম্পূর্ণ কৰি পথাৰ খনৰ পৰিসীমাৰ আধাখিনি ঠাই অতিক্ৰম কৰিব।
চিত্ৰৰ পৰা AC দূৰত্বই খেতিয়ক জনৰ সৰণ নির্দেশ কৰিব। ABC সমকোণী ত্রিভূজ লৈ পাইথাগােৰাছৰ সূত্রৰ পৰা-
AC² = AB² + BC²
= 10² + 10²
= 100 + 100
= 200
AC =√200
AC = 14.14 m
খেতিয়কজনৰ সৰণৰ মান হব- 14.14 m.
3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
(a) ই শূণ্য হ’ব নােৱাৰে।
(b) ইয়াৰ মান বস্তুটোৱে অতিক্রম কৰা দূৰত্বতকৈ বেছি।
উত্তৰঃ (a) অসত্য। কাৰণ, বৃত্তাকাৰ পথত ঘূৰি থকা বস্তুৰ সৰণ শূণ্য হব পাৰে।
(b) অসত্য। কাৰণ, কোনাে এটা বস্তুৰ সৰণ, বস্তুটোৱে অতিক্রম কৰা দূৰত্বৰ সমান নাইবা কম হয়।
3. দ্রুতি আৰু বেগৰ পার্থক্য লিখা।
উত্তৰঃ
|
দ্ৰুতি
|
বেগ
|
|---|---|
|
(i) প্রতি এককসময়ত অতিক্রম কৰা দূৰত্বক দ্রুতি বােলে।
|
(i) প্রতি একক সময়ত হােবা সৰণক বেগ বােলে।
|
|
(ii) দ্রুতিৰ দিশ নাই, মান আছে।
|
(ii) বেগৰ দিশ আৰু মান আছে।
|
|
(iii) ই এবিধ স্কেলাৰ ৰাশি।
|
(iii) ই এবিধ ভেক্টৰ ৰাশি।
|
4. কি চৰ্ত বা কি কি চর্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ দ্ৰুতিৰ সমান হয়?
উত্তৰঃ যদি বস্তু এটাই সৰল ৰৈখিকভাৱে গতি কৰে তেতিয়া বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্রুতিৰ সমান হয়।
5. মটৰ গাড়ীৰঅড মিটাৰে (odometer) কি জোখে?
উত্তৰঃ মটৰ গাড়ীৰ অড মিটাৰে গাড়ীটোৱে অতিক্রম কৰা দূৰত্ব জোখে।
6. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা ?
উত্তৰঃ সৰলৰৈখিক।
7. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্রেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্রীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ’ব? সংকেতটোৱে পােহৰৰ দ্ৰুতিৰে অর্থাৎ 3 × 108 m/s.দ্রুতিৰে গতি কৰে।
উত্তৰঃ
ইয়াত, √200
সংকেতটোৰ দ্রুতি =3 × 108 m.s-1.
অতিবাহিত সময়, t = 5 min = 5×60 s
⇒300 s
∴মহাকাশযানৰ পৰা ভূমিস্থিত ষ্টেচনৰ দূৰত্ব-
S = 3 × 108 m.s-1 × 300 s
= 3 × 108 m.s-1 × 3×10²m
= 9×1010m
8. তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হােৱা বুলি ক’বা ?
উত্তৰঃ (i) যেতিয়া বস্তু এটাইসমান সমান সময়ৰ অন্তৰালত পৰিৱৰ্তন হােৱা বেগৰ জোখ সমান সমান হয়, তেতিয়া তাৰ ত্বৰণক সুষম বুলি কোৱা হয়।
(ii) যেতিয়া বস্তুটোৱে সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে বেগৰ পৰিৱর্তন হয়, তেতিয়া তাৰ ত্বৰণক বিষম বুলি কোৱা হয়।
9. বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 km h’ৰ পৰা 60 km h1 লৈ হ্রাস পালে। বাছখনৰ ত্বৰণ নির্ণয় কৰা।
উত্তৰঃ বাছখনৰ প্ৰাৰম্ভিক বেগ, u = 80 km
80×1000/60 × 60
=22.22m.s-1
বাছখনৰ অন্তিম বেগ, (v) = 60km/hour = 60000m/3600s= 16.66 m.s-1
ত্বৰণ হ্রস হ’বলৈ প্রয়োজন হোৱা সমা, t= 5s
∴ বাছখনৰ ত্বৰণ,
(a) =(v-u)/t = (16.66 m.s-1 – 22.22 m.s-1)/5s
= -1.112 m.s-2
10. ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্রা আৰম্ভ কৰি সুষম ত্বৰেণেৰে 10 মিনিটত তাৰ দ্রুতি 40 km h1 লৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ নির্ণয়।
উত্তৰঃ ইয়াত,
ৰেলগাড়ীখনৰ প্ৰাৰম্ভিক বেগ, u = 0
অন্তিম বেগ, v = 40 km h1
= 40 × 1000/60 × 60
= 11.11 ms
অতিবাহিত সময়, t = 10 min = 10 × 60
s = 600 s
∴ ৰেলগাড়ীখনৰ ত্বৰণ,