class 9 chapter 1 banner

অনু আৰু পৰমাণু নৱম শ্ৰেণীৰ বিজ্ঞান - অধ্যায় ৩

নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, EduAid য়ে তোমালোকৰ বাবে বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ প্ৰশ্নৱালী সমূহৰ সমাধান প্ৰস্তুত কৰি উলিয়াইছে। আশা কৰো তোমালালোক ইয়াৰ দ্ৱাৰা উপকৃত হ’বা ।
Subject matter experts of EduAid has ardently given all the efforts to prepare the solutions fo you. You can navigate through these solutions using the table of content given below. 

In this article, we have brought the solutions for the first chapter of your Science text book. The first chapter of Science for class 9 in Assamese is : অনু আৰু পৰমাণু।

Table of Contents

আমাৰ চাৰিওকাষৰ বস্তুবোৰ - চমু আভাস

শ্ৰেণী
নৱম
বিষয়
সাধাৰণ বিজ্ঞান (Science)
পাঠ
অনু আৰু পৰমাণু
অধ্যায়
অধ্যায় ৩
মাধ্যম
অসমীয়া
পাঠ্যক্ৰম
ছেবা (SEBA )

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (১) - পৃষ্ঠা নং ৩২

1. বিক্রিয়া এটাত 5.3gছডিয়াম কার্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্রিয়া কৰিছিল। উৎপাদিত দ্রব্যবােৰ আছিল 2.2g কার্বন-ডাই-অক্সাইড, 0.9g পানী আৰু 8.2g ছ’ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবােৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।

ছ’ডিয়াম কার্বনেট + ইথানয়িক এছিড → ছ’ডিয়াম ইথানয়েট +কার্বন-ডাই-অক্সাইড + পানী।
উত্তৰঃ ছডিয়াম কার্বনেট + ইথানয়িক এছিড → ছডিয়াম ইথানয়েট + কার্বন-ডাই-অক্সাইড + পানী।
ছ’ডিয়াম কার্বনেটৰ ভৰ = 5.3 gm
ইথানয়িক এছিডৰ ভৰ = 6.0 gm
. মুঠ ভৰ = (5.3 + 6.0) gm = 11.3 gmF
বিক্রিয়াৰ পিছত,
ছডিয়াম ইথায়নেটৰ ভৰ = 8.2 gm
পানীৰ ভৰ = 0.9 gm
কার্বন-ডাই-অক্সাইডৰ ভৰ = 2.2 gm
বিক্রিয়াজাত পদাৰ্থৰ ভৰ = (8.2 +0.9 + 2.2) gm = 11.3 gm
গতিকে বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ, বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান। যিয়ে পদার্থ নিত্যতা সূত্ৰৰ সত্যতা প্রমাণ কৰে।

2. হাইড্রজেন আৰু অক্সিজেন 1: 8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3g হাইড্রজেনৰ সৈতে সম্পূর্ণকৈ বিক্রিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্রয়ােজন হ’ব?
উত্তৰঃ প্রশ্নমতে,
2H2 + 02+ 2H20
1g হাইড্রজেন, 8g অক্সিজেনৰ লগত বিক্রিয়া কৰে।
∴ 3g হাইড্রজেন, (8×3) 24g অক্সিজেনৰ লগত বিক্রিয়া কৰে।

3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?
উত্তৰ: এটা ৰাসায়নিক বিক্রিয়াত পৰমাণুবােৰ অবিভক্ত কণিকা, যিবােৰৰ সৃষ্টিও নহয় আৰু ধ্বংসও নহয়।

4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?
উত্তৰঃ এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নির্দিষ্ট ভৰৰ অনুপাতত থাকে।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (২) - পৃষ্ঠা নং ৩৫

1. পাৰমাণবিক ভৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ C-12ৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12অংশৰসমান ভৰেই এক পাৰমাণৱিকভৰ একক।

2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?
উত্তৰ পৰমাণুবােৰৰ আকাৰ অতি ক্ষুদ্র। ইয়াৰ ব্যসার্ধ 10-10 মিটাৰৰ পৰা আৰম্ভ হৈছে। গতিকে পৰমাণুৰ আকাৰ ইমানে সৰু যে ইয়াক খালী চকুৰে দেখিব নােৱাৰি।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (৩) - পৃষ্ঠা নং ৩৯

১। সংকেত লিখা ?
(i) ছ’ডিয়াম অক্সাইড (ii) এলুমিনিয়াম ক্ল’ৰাইড (iii) ছ’ডিয়াম ছালফাইড (iv) মেগনেছিয়াম হাইড্রক্সাইড
উত্তৰ: (i) ছ’ডিয়াম অক্সাইড – Na, 0.
(ii) এলুমিনিয়াম ক্ল’ৰাইড— AICI,
(iii) ছ’ডিয়াম ছালফাইড – Na,S
(iv) মেগনেছিয়াম হাইড্রক্সাইড – Mg(OH),

২। তলৰ সংকেতবােৰে বুজোৱা যৌগবােৰৰ নাম লিখা
(i) Al2 (SO4)3; (ii) CaCl2 (iii)K2SO4 (iv) KNO3(v) Caco,
উত্তৰঃ (i) Al2 (SO4)3→ এলুমিনিয়াম ছালফেট
(ii) CaCl2→কেলছিয়াম ক্ল’ৰাইড

 

(i) K2SO4→ পটাছিয়াম ছালফেট
(iv) KNO3→পটাছিয়াম নাইট্রেট

(v) CaCO3→ কেলছিয়াম কার্বনেট

২। ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰঃ ৰাসায়নিক সংকেত’ পদটোৱে যৌগ এটাৰ অণু গঠনৰ এটা সাংকেতিক চিহ্ন বুজায়। যৌগটোত থকা পৰমাণুবােৰ নিৰ্দেশ কৰে আৰু লগতে পৰমাণুবােৰে কি অনুপাতত সংযুক্ত হৈ যৌগটো গঠন কৰে তাকে নির্দেশ কৰে।

৩। (i) H2S অণু আৰু (ii) P04 ³¯ আয়নত কেইটাকৈ পৰমাণু আছে?
উত্তৰ: (i)H2S  অণুত 3 পৰমাণু আছে। তাৰে দুটা হাইড্রজেন আৰু এটা ছালফাৰৰ পৰমাণু।
(ii) P04 ³¯ আয়নটোত পাঁচটা পৰমাণু আছে। ইয়াৰে এটা ফচফৰাছ আৰু চাৰিটা। অক্সিজেন।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (৪) - পৃষ্ঠা নং ৪০

১। H2, 02, Cl2, CO2,C2H6,C2H4, NH3, আৰু CH3OHৰ আণবিক ভৰ গণনা কৰা।
উত্তৰ : H2,ৰ আণৱিক ভৰ =1+1 = 2u
 O2 ৰ আণৱিক ভৰ =16 +16 = 32u
Cl2 ৰ আণৱিক ভৰ =35.5 +35.5 = 71u
CO2 ৰ আণৱিক ভৰ =12 + 2x 16 = 44u
C2H6 ৰ আণৱিক ভৰ =12 x2 + 1 × 6 = 30u
C2H4 ৰ আণৱিক ভৰ =12 x2+ 1× 4 = 28u

NH3 ৰ আণৱিক ভৰ =14 +1× 3 = 17u
CH3OH ৰ আণৱিক ভৰ = 12 +1×3 + 16 + 1 = 32u

২। Zn0, Na20, আৰু K2C03, ৰ সংকেত গােট ভৰ গণনা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবােৰ হ’ল Zn = 65u, Na = 23u, K = 39u আৰু 0 = 16u
উত্তৰ : ZnQৰ গােট ভৰ = 65 +16 = 81u
Na20 ৰ গােট ভৰ = 23 x 2 + 16 = 62u.
K2C03 ৰ গােট ভ = 39 x 2 + 12 + 16 x 3 =138u

Scroll to Top

REGISTER NOW

👉 (Limited Seats Available) 👈

Thank You For Registering !

Our Team Will Reach You Soon