class 9 chapter 1 banner

আমাৰ চাৰিওকাষৰ বস্তুবোৰ নৱম শ্ৰেণীৰ বিজ্ঞান - অধ্যায় ১

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

Table of Contents

আমাৰ চাৰিওকাষৰ বস্তুবোৰ - চমু আভাস

শ্ৰেণী
নৱম
বিষয়
সাধাৰণ বিজ্ঞান (Science)
পাঠ
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায়
অধ্যায় ১
মাধ্যম
অসমীয়া
পাঠ্যক্ৰম
ছেবা (SEBA )

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (১) - পৃষ্ঠা নং ৩

১। তলৰ কোনবােৰ পদার্থ?
চকী, বায়ু, প্রেম, গােন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাস।
উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়।

২। তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা।

কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ কেইবা মিটাৰ দূৰৰ পৰা পােৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গােন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ আমি জানাে যে সকলাে পদার্থ ক্ষুদ্র ক্ষুদ্র কণিকাৰে গঠিত আৰু এই কণিকাবােৰ অনবৰতে গতি কৰি থাকে। পদার্থৰ কণিকাবােৰে তাপ পালে গতিশক্তি বাঢ়ি যায়। ফলত ই বহু  দূৰলৈকে বিয়পি পৰে। যাৰ বাবে কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ বহু দূৰলৈ যায়।
আনহাতে, ঠাণ্ডা বস্তুৰ কণিকাবােৰে বেছি দূৰ অতিক্রম নকৰে বাবে ইয়াৰ গােন্ধ পাবলৈ ওচৰলৈ। যাব লাগে।

৩। এজন ডুৱাৰুৱে সাঁতােৰাৰ সময়ত পুখুৰীৰ পানী ফালি সােমাই যাব পাৰে। পদার্থ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব?
উত্তৰঃ পানীৰ আন্তঃআণৱিক বল কম বাবে কাৰ্যটো সম্ভৱ।

৪। পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰঃ পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্ট্যবােৰ হল-
(a) পদাৰ্থৰ কণিকাবােৰৰ মাজত ব্যৱধান আছে।
(b) পদাৰ্থৰ কণিকাবােৰ অনবৰতে গতি কৰি থাকে।
(c) পদাৰ্থৰ কণিকাবােৰৰ মাজত আকর্ষণ আছে।

 

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (২) - পৃষ্ঠা নং ৬

১। পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বােলে। ( ঘনত্ব =ভৰ/আয়তন ) তলৰ পদাৰ্থবােৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা-

বায়ু, চিমনিৰ পৰা ওলােৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লাে।

উত্তৰঃ বায়ু < চিমনৰি পৰা ওলােৱা ধোঁৱা < কপাহ <পানী < মৌ < চকমাটি < লাে।

২। (a) পদার্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবােৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।

উত্তৰঃ (a)

কঠিন পদার্থতৰল পদার্থগেছীয় পদার্থ।

(i) নির্দিষ্ট চাপ আৰু উষ্ণতাত আকাৰ আয়তনৰ মান নির্দিষ্ট থাকে

(ii) ইয়াৰ আকাৰ সহজে পৰিৱৰ্তন কৰা নাযায়।

 

(iii) প্রচণ্ড চাপ প্রয়ােগ কৰিলেও আয়তনৰ তাৰতম্য নঘটে।

(iv) এইবােৰ বিয়পি নপৰে

 (i) নির্দিষ্ট চাপ আৰু উষ্ণতাত নির্দিষ্ট  আয়তন আছে। কিন্তু নির্দিষ্ট আকাৰ নাই।

(ii) যি পাত্ৰত ৰখা সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।

 

(iii) সাধাৰণ চাপত  ইয়াৰ আয়তনৰ কোনাে তাৰতম্য নঘটে।

(iv) এটা স্থানৰপৰা আনটো স্থানলৈ বৈ ।

 (i) কোনাে নির্দিষ্ট আকাৰ আয়তন নাই।

(ii) যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰ
হয়, সেই পাত্ৰৰ আকাৰ আকৃতি ধাৰণ কৰে।

 

(iii) এইবােৰক চাপ  প্রয়ােগ কৰি অধিক সংকুচিত কৰিব পাৰি।

(iv) ই সােনকালে এটা স্থানৰ পৰা আনটো স্থানলৈ যায়

b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া 一

 দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু  ঘনত্ব (density)।

উত্তৰঃ 

দৃঢ়তাঃ বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে।

সংকোচনশীলতাঃ চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। জুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱাই।

প্ৰবাহীতাঃ জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, আকাৰ সলাব পাৰে ইয়াকে প্ৰবাহীতা বোলে।

আকাৰঃ স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে।

গতিশক্তিঃ গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি হয়।

ঘনত্বঃ প্ৰতি একক আয়তনত থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে।

৩।   কাৰণ দর্শোৱা-

(a) ৰখা পাত্ৰটোত গেছএটা সম্পূৰ্ণৰূপে ভৰি পৰে।

উত্তৰঃ গেছত থকা কণিকাবােৰৰ মাজত আকর্ষণ বল কম হােৱা বাবে গেছৰ কণিকাবােৰে সকলােপিনে ইচ্ছামতে গতি কৰিব পাৰে। ফলত যি পাত্ৰত গেছ ৰখা হয় সেই পাত্ৰটো গেছে সম্পূর্ণভাৱে ভৰি পৰে।

(b) ধাৰক পত্ৰৰ বেৰত গেছে চাপ দিয়ে।

উত্তৰঃ গেছৰ অণুবােৰে সকলাে পিনে ইচ্ছামতে গতি কৰে। গতি কৰাৰ সময়ত কণিকাবােৰৰ মাজত পৰস্পৰে পৰম্পৰৰ মাজত সংঘর্ষ হয়। যি পাত্রত গেছ ৰখা হয় সেই পাত্ৰৰ বেৰত গেছৰ কণিকাবােৰে খুন্দামাৰে। ফলত পাত্ৰৰ বেৰত স্থিৰ বল প্রয়ােগ হয়। পাত্ৰৰ বেৰত প্রতি একক ক্ষেত্রৰ ওপৰত প্রয়ােগ কৰা বলেই হ’ল চাপ।

(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।

উত্তৰঃ কাঠৰ কণিকাবােৰ স্থিৰ আৰু কাঠৰ নির্দিষ্ট আয়তন আৰু আকৃতি আছে। সেইবাবে কাঠেৰে তৈয়াৰী টেবুল এখনককঠিন পদার্থ বুলি ক’ব পাৰি।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰে কিন্তু কাঠ এডােখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়ােজন।

 

উত্তৰঃ বায়ুৰ কণিকাবােৰৰ মাজত দূৰত্ব বেছি হােৱা বাবে আকর্ষণ বল কম হয়। সেইবাবে আমি বায়ুত ইচ্ছামতে হাত ঘূৰাব পাৰি। কাঠৰ কণিকাবােৰৰ মাজত দূৰত্ব কম হােৱা বাবে সিহঁতৰ মাজত থকা আকর্ষণ বল বেছি। যাৰ ফলত কাঠ এডােখৰৰ মাজেৰে হাত ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়ােজন।

4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে-বৰফ পানীত ওপঙে কিয় বাৰু?
উত্তৰঃ বৰফ সম আয়তনৰ, পানী অপেক্ষা পাতল। 11 ঘন চে.মি. পানীৰ ওজন 12 ঘন চে.মি বৰফৰ ওজনৰ সমান। সেয়ে 12 ঘন চে.মি. পানীৰ ওজন বৰফৰ তুলনাত বেছি হােৱাত বৰফৰ ওপৰত মুঠ উর্ধচাপ বেছি হয়। যাৰ ফলত বৰফৰ তুলনাত পানীৰ ঘনত্ব কম হােৱা সত্ত্বেও বৰফ পানীত ওপঙে।

 

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (৩) - পৃষ্ঠা নং ৯

1. তলত দিয়া উষ্ণতাবােৰ ছেলছিয়াছ স্কেলত প্রকাশ কৰা।।
(a) 300K
(b) 573K
উত্তৰঃ আমি জানাে যে, 0°C = 273 K (কেলভিন)
(a) 300K: (300 – 273) = 27° C
(b) 573K: (573 – 273) = 300° C

2. তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব?
(a) 250°C (b) 100°C
উত্তৰঃ (a) 250°C উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব।
(b) 100° C উষ্ণতাত পানী তৰল আৰু গেছীয় অৱস্থাত থাকিব।

 

3. কোনাে এটা পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰঃ কোনাে এটা পদাৰ্থৰ অৱস্থাৰ স্থানান্তৰ ঘটাৰ সময়ত উষ্ণতাৰ কোনাে পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ বাবে তাপ শক্তিৰ প্ৰয়ােজন হয়। কিন্তু এই
শােষিত তাপ আমি থাম মিটাৰৰ সহায়ত ধৰিব নােৱাৰি। এই তাপ পদাৰ্থৰ স্থানান্তৰণৰ বাৰে খৰচ হয়। এই তাপকে লীনতাপ বােলে। অর্থাৎ, ই কণাসমূহৰ
গতিশক্তি বৃদ্ধি নকৰে আৰু কণাসমূহৰ আন্তঃ আকর্ষণ বলৰ বাবে ব্যৱহাৰ হয়। সেইবাৰে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত উষ্ণতাৰ পৰিৱৰ্তন ঘটে।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ চাপ বৃদ্ধি কৰি বা উষ্ণতা হ্রাস কৰি বায়ুমণ্ডলীয় গেছ তললৈ পৰিৱৰ্তন কৰিব পাৰি।

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (৪) - পৃষ্ঠা নং ১০

1. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?
উত্তৰঃ Desert Cooler এটাই গৰম আৰু শুকান সময়ত জলবায়ু ঠাণ্ডা অনুভৱ কৰাৰ বাবে উচ্চ উষ্ণতাত বাষ্পয়নৰ হাৰ বৃদ্ধি কৰে আৰু বায়ুৰ শুষ্কতাও পানীৰ বাম্পায়নৰ হাৰ বৃদ্ধি কৰে। ফলত Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।

2. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?
উত্তৰ: মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্র থাকে। এই ছিদ্রবােৰেৰে পানীৰ কণাবােৰ বাহিৰ হৈ আহে। ভিতৰত পানীৰ পৰা নিৰ্গত তাপে পানীৰ কণাবােৰক বাষ্পীভূত কৰে। ফলত পাত্ৰৰ ভিতৰৰৰ পানী খিনি, ঠাণ্ডা হয়।

3. হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভব হয় কিয় ?
উত্তৰঃ এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ হাতৰ তলুৱাত ঢালি দিলে এইবােৰৰ কণাসমূহে হাতৰ তলৰ পৰা তাপ শক্তি শােষণ কৰি বাষ্পীভূত কৰে। ফলত তলুৱাত ঠাণ্ডা অনুভৱ হয়।

4. গমৰ চাহ বা গাখীৰ কাপত লৈ খােৱাতকৈ প্লেটত লৈ খােৱা সহজ কিয় ?
উত্তৰঃ এটা কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি হােৱাৰ বাবে প্লেটত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰ কাপত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰতকৈ বেছি হয়। ফলত প্লেটত থকা চাহ বা গাখীৰ সােনকালে ঠাণ্ডা হয়। সেইবাবে গৰম চাহ বা গাখীৰ কাপত লৈ খােৰাতকৈ প্লেটত লৈ খােৱা সহজ হয়।

5. গ্রীষ্ম কালত আমি কি ধৰণৰ কাপােৰ পিন্ধিব লাগে ?
উত্তৰঃ কপাহী কাপােৰে আমাৰ শৰীৰৰ পৰা ওলােৱা ঘাম শােষণ কৰি লৈ বায়ুমণ্ডললৈ বাষ্পীভুত হােৱাত সহায় কৰে, যাৰ বাবে আমাৰ শৰীৰে ঠাণ্ডা অনুভৱ কৰে। সেইবাবে গ্ৰীষ্ম কালত কপাহী কাপােৰ পিন্ধিব লাগে।

অনুশীলনীৰ প্রশ্নোত্তৰ - পৃষ্ঠা নং ১২

1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্রকাশ কৰা।
(a) 293K
(b) 470K
উত্তৰঃ আমি জানাে যে, 0°C = 273 K (কেলভিন)
(a) 293 K; (293 – 273) = 20° C
(b) 470 K; (470 – 273) = 197° C

2. তলৰ উষ্ণতাবিলাক কেলভিনত প্রকাশ কৰা।
(a) 25°C (b) 373°C
উত্তৰঃ আমি জানাে যে, 273 K = 0°C
(a) 25° C; (273 + 25) = 298 K
(b) 373° C =(273-373) = 646 K

3. কাৰণ দর্শোৱা-
(a) খােলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
(b) দূৰৰ পৰাই আতৰৰ গােন্ধ পােৱা যায়।
উত্তৰঃ (a) নেফথেনি এটা উদ্বায়ী বস্তু।সেইবাবে ই সম্পূৰ্ণৰূপে বাষ্পীভূত হয় আৰু কোনাে গােটা বস্তুত এৰি দিয়ে।

(b) গােন্ধ জাতীয় পদার্থ উদ্ধায়ী দ্ৰাৱক থাকে। আৰু ই মনােমােহা গােন্ধ বহণ কৰে। এই পদার্থ কণিকাবােৰৰ গতিশক্তি বেছি হােৱা বাবে গােন্ধ বহু
দূৰলৈ বিয়পি পৰে।

4. কণিকাবােৰৰ মাজৰ আকর্ষণ বলৰ উৰ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন।
উত্তৰঃ অক্সিজেন < পানী < চেনি।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
(a) 25°C
(b) 0°C
(c) 100°C
উত্তৰঃ (a) 25°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- তৰল।
(b) 0°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- বৰফ (কঠিন)।
(c) 100° C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- গেছীয়।

6. যুক্তি দর্শাই ব্যাখ্যা কৰা।
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) সাধাৰণ উষ্ণতাত লােৰ আলমাৰিটো কঠিন।
উত্তৰঃ (a) সাধাৰণ উষ্ণতাত জুলীয়া পদাৰ্থৰ নির্দিষ্ট আকাৰ নাই, কিন্তু নির্দিষ্ট আয়তন আছে। সেইদৰে পানীৰ নির্দিষ্ট আয়তন আছে, কিন্তু আকাৰ
নাই। ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।

(b) লোেৰ আলমাৰিটো কঠিন। কাৰণ ই এটা অনমনীয় বস্তু আৰু সংকোচনশীল নহয়। ইয়াৰ নির্দিষ্ট আকাৰ আৰু আয়তন আছে।

7.  273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?
উত্তৰঃকোনাে এটা বস্তুৱে তাপ বর্জন কৰিলে, বস্তুটো ঠাণ্ডা হয়। 273 Kউষ্ণতাত বৰফ মাধ্যমৰ পৰা অন্তঃতাপ গ্রহণ কৰি পানীত পৰিণত হয়। তাৰ পিছত ই উচ্চ উষ্ণতাত পানীলৈ পৰিৱর্তন হয়। গতিকে 273 K উষ্ণতাত বৰফৰ ভৌতিক অৱস্থাত আহে। কিন্তু 273K উষ্ণতাত পানীৰ অৱস্থাৰ কোনাে পৰিৱৰ্তন নহয়। ফলত মাধ্যমৰ পৰা কম তাপ শক্তি শােষণ কৰে। সেইকাৰণে একে উষ্ণতাত বৰফে পানীতকৈ বেছি ঠাণ্ডা কৰে।

8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰঃ জলীয় বাষ্পই পুৰিলে বেছি ক্ষতি কৰিব। কাৰণ- 100°C উষ্ণতাত জলীয় বাষ্পৰ তাপ, 100 C উষ্ণতাত পানীৰ তাপ আৰু পানীৰ বাষ্পীভৱনৰ
লীনতাপৰ সমষ্টিৰ সমান। সেয়ে উতলা পানীৰে পুৰাতকৈ জলীয় বাষ্পৰে পুৰাটো বেছি ক্ষতিকাৰক।

Scroll to Top

REGISTER NOW

👉 (Limited Seats Available) 👈

Thank You For Registering !

Our Team Will Reach You Soon