ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য

Class 10- Science Solutions

Class 10- English Solutions

Class 10-        Maths Solutions

Class 10- Social Science Solutions

Class 10 (CBSE) - SYLLABUS

Class 10 (CBSE) - PYQ

ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য | প্ৰশ্নোত্তৰ | Class 9 MIL
ভাব-বিষয়ক
১ 2 marks
প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ছাঁত বসবাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?

উত্তৰ: আদিম অধিবাসী বা আদিবাসী।

২ 2 marks
বুদ্ধদেৱৰ আচল নাম কি?

উত্তৰ: সিদ্ধাৰ্থ, গৌতম, শাক্যসিংহ।

৩ 2 marks
মহাভাৰত আৰু অষ্টাদশ পূৰাণ প্ৰণেতা কোন?

উত্তৰ: ব্যসদেৱ।

৪ 2 marks
কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰ: কণিষ্ক।

৫ 2 marks
জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰ: মহাবীৰ।

৬ 5 marks
কি কি বিষয়ত ভাৰতবৰ্ষৰ বৈচিত্ৰ্য লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।

উত্তৰ: (১) ভৌগোলিক অৱস্থান (২) জাতি-গোষ্ঠী (৩) ভাষা (৪) ধৰ্ম (৫) সাজ-পোছাক (৬) খাদ্য (৭) আচাৰ-অনুষ্ঠান (৮) সংস্কৃতি।

৭ 5 marks
ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা।

উত্তৰ: ভাৰতত পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, সমতল ভূমি, মালভূমি, দ্বীপমালা, হ্ৰদ-জলাশয়, বিভিন্ন জলবায়ু আদি পোৱা যায়, যাৰ বাবে ই বৈচিত্ৰ্যপূৰ্ণ।

৮ 5 marks
আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ: আৰ্যসকল অহাৰ পাছত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি বিভিন্ন জাতি ভাৰতলৈ আহি ইয়াত স্থায়ীভাবে বসবাস কৰিছিল।

৯ 5 marks
ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।

উত্তৰ: পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত; উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ মানুহৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে।

১০ 5 marks
ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ: পূব ভাৰতৰ মতা মানুহে ধুতি-চুৰিয়া পিন্ধে, দক্ষিণ ভাৰতীয় লোকে লুঙী পিন্ধে, উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অসমীয়া মহিলাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতীয় মহিলাই চুৰিদাৰ-পায়জামা পৰিধান কৰে।

১১ 5 marks
‘বিবিধতা থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে’ — এই কথাষাৰ বুজাই লিখা।

উত্তৰ: ভাষাগত, ধর্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত সাংস্কৃতিক মিল আছে। এই মিলৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা শিখৰ পৰিচয় প্ৰথমে ভাৰতীয় হিচাপে হয়।

১২ 5 marks
“ভাৰতৰ সংস্কৃতি এক সমন্বয়ৰ বস্তু।” — তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰ: বিভিন্ন জাতি-উপজাতি, ভাষা-সংস্কৃতি লৈ অহা সকলো ভাৰতৰ বৃহৎ সাংস্কৃতিক প্ৰবাহত মিলি গৈছে। সকলোৱে নিজস্বতা এৰি সামূহিক সংস্কৃতি গঢ়ি তুলিছে।

১৩ 2 marks
সুকুমাৰ কলা কি?

উত্তৰ: কবিতা, সংগীত, চিত্ৰকলা, স্থাপত্য আৰু ভাস্কৰ্য্য — এই পাঁচবিধক সুকুমাৰ কলা বোলে।

১৪ 2 marks
চমু টোকা লিখা: (ক) সুকুমাৰ কলা (খ) সংগীত (গ) কুষাণ (ঘ) ব্যস (ঙ) মক্কা (চ) বশিষ্ঠ।

উত্তৰ: (ক) সুকুমাৰ কলা — কবিতা, সংগীত, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য্য। (খ) সংগীত — গীত, বাদ্য, নৃত্যৰ সমলয়। (গ) কুষাণ — এটা যাযাবৰ জাতি, কণিষ্ক ইয়াৰ শ্ৰেষ্ঠ ৰজা। (ঘ) ব্যস — মহাভাৰত প্ৰণেতা। (ঙ) মক্কা — ইছলামৰ পবিত্ৰ নগৰী। (চ) বশিষ্ঠ — এজন ঋষি।

১৫ 5 marks
“ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহাসিক দেশ।” — কথাষাৰ বহলাই লিখা।

উত্তৰ: ভাৰত হাজাৰ হাজাৰ বছৰ আগেয়ে দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদিত উন্নত আছিল। বিভিন্ন জাতি-গোষ্ঠীৰ আগমনে ইয়াক সমৃদ্ধ কৰিছে।

ভাষা-বিষয়ক
১ 2 marks
বিপৰীত শব্দ লিখা: পাৰ্থক্য; ত্যাগ; বৈচিত্ৰ্য; প্ৰাচীন।

উত্তৰ: পাৰ্থক্য—সাদৃশ্য, ত্যাগ—গ্ৰহণ, বৈচিত্ৰ্য—একতা, প্ৰাচীন—আধুনিক।


অসমীয়া সাহিত্য চয়নিকা (নতুন) — ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য | প্ৰশ্নোত্তৰ

Study materials

Send Us A Message






    Latest posts

    Thank You For Registering !

    Our Team Will Reach You Soon

    Limited Seats Available. Register Now

      Enter Your Contact Details To Download the PDF

        This form uses Akismet to reduce spam. Learn how your data is processed.

        REGISTER NOW

        👉 (Limited Seats Available) 👈