সন্মান

Class 10- Science Solutions

Class 10- English Solutions

Class 10-        Maths Solutions

Class 10- Social Science Solutions

Class 10 (CBSE) - SYLLABUS

Class 10 (CBSE) - PYQ

সন্মান | প্ৰশ্নোত্তৰ | Class 9 MIL
ভাব-বিষয়ক
১ 2 marks
অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখন কেনে আচৰণ কৰে?

উত্তৰ: অৰাজকতা হয়, মানুহে স্বপ্ৰধান হৈ নিজৰ ইচ্ছামত আচৰণ কৰে, ধন-প্ৰাণৰ ৰক্ষা টান হয়।

২ 2 marks
ছাত্ৰই শিক্ষকৰ ধাৰ শুজিব পাৰে নে?

উত্তৰ: শিক্ষকৰ পৰা পোৱা জ্ঞানৰ বাবে ছাত্ৰই কেতিয়াও শিক্ষকৰ ধাৰ শুজিব নোৱাৰে।

৩ 2 marks
‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ — ‘তেওঁ’ কোন?

উত্তৰ: ঈশ্বৰ।

৪ 2 marks
হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰ: ‘আসাম নিউজ’ কাকতৰ।

৫ 2 marks
‘হেমকোষ’ কি?

উত্তৰ: হেমচন্দ্ৰ বৰুৱা ৰচিত অসমীয়া অভিধান।

৬ 2 marks
‘কানীয়াৰ কীৰ্তন’ৰ ৰচক কোন?

উত্তৰ: হেমচন্দ্ৰ বৰুৱা।

৭ 5 marks
‘ঈশ্বৰৰ পাচত পিতৃ-মাতৃ আমাৰ মাননীয়’ — কথাষাৰ বুজাই লিখা।

উত্তৰ: পিতৃ-মাতৃয়ে আমাক জন্ম দিয়ে, ডাঙৰ-দীঘল কৰে, শিক্ষা দিয়ে। সেয়ে ঈশ্বৰৰ পাছত তেওঁলোকে আটাইতকৈ মাননীয়।

৮ 5 marks
শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে?

উত্তৰ: শিক্ষকে ছাত্ৰক জ্ঞান দি চকু দিয়ে। জ্ঞানৰ পোহৰে ছাত্ৰক জীৱনত আগুৱাই নিয়ে। সেয়ে শিক্ষক সন্মানৰ পাত্ৰ।

৯ 5 marks
‘সন্মান’ পাঠটোৰ পৰা কি কি শিক্ষিলা, চমুকৈ লিখা।

উত্তৰ: (১) ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰী আৰু বুঢ়া লোক সন্মানৰ পাত্ৰ। (২) সন্মান দিলে সমাজ শৃংখলিত থাকে। (৩) সন্মান প্ৰদৰ্শনে মানুহক মহান কৰে।

ভাষা-বিষয়ক
১ 2 marks
সমাৰ্থক শব্দ লিখা: নৱজাত; জগত; চকুপানী; চকু; হেতু; মান।

উত্তৰ: নৱজাত—নৱজন্ম, জগত—পৃথিবী, চকুপানী—অশ্ৰু, চকু—নয়ন, হেতু—কাৰণ, মান—সন্মান।

২ 2 marks
বিপৰীত শব্দ লিখা: শ্ৰদ্ধা, শলাগ, আদি; দুঃখ; জ্ঞাত; ন্যায়।

উত্তৰ: শ্ৰদ্ধা—অশ্ৰদ্ধা, শলাগ—নিন্দা, আদি—অন্ত, দুঃখ—সুখ, জ্ঞাত—অজ্ঞাত, ন্যায়—অন্যায়।


অসমীয়া সাহিত্য চয়নিকা (নতুন) — সন্মান | প্ৰশ্নোত্তৰ

Study materials

Send Us A Message






    Latest posts

    Thank You For Registering !

    Our Team Will Reach You Soon

    Limited Seats Available. Register Now

      Enter Your Contact Details To Download the PDF

        This form uses Akismet to reduce spam. Learn how your data is processed.

        REGISTER NOW

        👉 (Limited Seats Available) 👈