সুখ

Class 10- Science Solutions

Class 10- English Solutions

Class 10-        Maths Solutions

Class 10- Social Science Solutions

Class 10 (CBSE) - SYLLABUS

Class 10 (CBSE) - PYQ

সুখ | প্ৰশ্নোত্তৰ | Class 9 MIL
ভাব-বিষয়ক
১ 2 marks
মানুহৰ সুখ-দুখৰ আচল কথা কি?

উত্তৰ: সুখ-দুখ মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল।

২ 2 marks
কেনে ধৰণৰ ভাৱে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?

উত্তৰ: ‘মই’ ‘মোৰ’ এই সংকীৰ্ণ ভাৱে মানুহক তললৈ বুৰায়।

৩ 2 marks
নিস্বাৰ্থ বাট কেনেকুৱা?

উত্তৰ: নিস্বাৰ্থ বাট সুগন্ধি কুসুম ফুলৰ দৰে।

৪ 2 marks
কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যাখ্যা কৰিছে?

উত্তৰ: পৰক (আনক) আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই।

৫ 2 marks
কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি?

উত্তর: আত্মত্যগ আৰু পৰোপকাৰৰ জৰিয়তে প্ৰকৃত সুখ পাব পাৰি।

৬ 5 marks
কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা।

উত্তৰ: সুখ বিচাৰি মানুহে ভ্ৰমণ কৰে কিন্তু প্ৰকৃত সুখ নিজৰ মনত লুকাই থাকে। আনৰ কাৰণে কাম কৰিলে, আনৰ দুখত অংশীদাৰ হ’লে সুখ পোৱা যায়। নিস্বাৰ্থতা আৰু আত্মত্যাগেই প্ৰকৃত সুখৰ মূল মন্ত্ৰ।

৭ 5 marks
ব্যাখ্যা কৰা: (ক) অকল নিজৰ নিমিতে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণ খাটিব পাৰিলে, সংসাৰ সুখৰ ঠাই। (খ) গাই-গোটা পেট ভঁৰাল নহব লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পৱিত্ৰ বৰত লোৱা। (গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজপিতি বিকশ ছেল, নিস্বাৰ্থৰ বাট, সন্দুৰীয়া আলি, সুগন্ধি কুসম ফুল।

উত্তৰ: (ক) মানুহৰ জীৱন কেৱল নিজৰ বাবে নহয় — আনৰ সেৱাই জীৱনৰ সাৰ্থকতা। (খ) আত্মকেন্দ্ৰিক নহৈ আনৰ দুখলৈ চোৱাই মানৱতা। (গ) স্বাৰ্থৰ পথত কষ্ট আছে, কিন্তু নিঃস্বাৰ্থ পথ সুন্দৰ আৰু সুগন্ধি।

ভাষা-বিষয়ক
১ 2 marks
উদাহৰণটো চাই বাকীকেইটা কৰা: উদাহৰণ: আপোন — পৰ, দুখ — সুখ, স্বাৰ্থ — পৰমাৰ্থ, অভাৱ — প্ৰাচুৰ্য, সন্তোষ — অসন্তোষ, হাঁহি — কান্দোন।

উত্তৰ: আপোন—পৰ, দুখ—সুখ, স্বাৰ্থ—পৰমাৰ্থ, অভাৱ—প্ৰাচুৰ্য, সন্তোষ—অসন্তোষ, হাঁহি—কান্দোন।


অসমীয়া সাহিত্য চয়নিকা (নতুন) — সুখ | প্ৰশ্নোত্তৰ

Study materials

Send Us A Message






    Latest posts

    Thank You For Registering !

    Our Team Will Reach You Soon

    Limited Seats Available. Register Now

      Enter Your Contact Details To Download the PDF

        This form uses Akismet to reduce spam. Learn how your data is processed.

        REGISTER NOW

        👉 (Limited Seats Available) 👈