হনুমন্তৰ লঙ্কাদৰ্শন

Class 10- Science Solutions

Class 10- English Solutions

Class 10-        Maths Solutions

Class 10- Social Science Solutions

Class 10 (CBSE) - SYLLABUS

Class 10 (CBSE) - PYQ

হনুমন্তৰ লঙ্কাদৰ্শন | প্ৰশ্নোত্তৰ | Class 9 MIL
ভাব-বিষয়ক
১ 2 marks
মাধৱ কন্দলী কোন আছিল?

উত্তৰ: মাধৱ কন্দলী অসমীয়া সাহিত্যৰ শংকৰ-পূৰ্ব যুগৰ এগৰাকী কবি।

২ 2 marks
মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?

উত্তৰ: ৰামায়ণ।

৩ 2 marks
মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?

উত্তର: পাঁচটা কাণ্ড।

৪ 2 marks
মাধৱ কন্দলীক শংকৰদেৱে কি বুলি অভিহিত কৰিছিল?

উত্তৰ: অশ্বমেধী কবি বুলি।

৫ 2 marks
মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান সন্মুখত কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰিছে?

উত্তৰ: আদি কাণ্ড আৰু উত্তৰ কাণ্ড।

৬ 2 marks
‘হনুমন্তৰ লঙ্কাদৰ্শন’ — কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?

উত্তର: সুন্দৰকাণ্ডৰ পৰা।

৭ 5 marks
মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?

উত্তৰ: বাৰহ (বৰাহী) ৰজা মহামাণিক্য। তেওঁ পূব-মধ্য অসমৰ ৰজা আছিল।

৮ 5 marks
লঙ্কা নগৰীৰ কাষৰ বন-বননিৰত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল?

উত্তৰ: শাল, তাল, তমাল, বীজপূৰ, অশ্বত্থ, কপিত্থ, বট, নাৰিকল, বদৰী, কণ্টিক, আম, জাম, নাগেশ্বৰ, খাজুৰি, হাতিশাল, আমলখি, ভহা ফল, ছাতিয়াল, ওৱা, নাৰিকল, সলং, মহীব, কমলা, টেঙৰা, কদলী, পাৰিজাতক আদি।

৯ 5 marks
হনুমন্তই কি ৰূপ ধৰি লঙ্কা নগৰীত প্ৰবেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল?

উত্তৰ: হনুমন্তই বিৰাল (মেকুৰী) ৰূপ ধৰি লঙ্কা নগৰীত প্ৰবেশ কৰিছিল। তেওঁ গুপ্তভাৱে সীতাক বিচাৰিবলৈ আৰু ৰাৱণৰ সৈন্যৰ চকুত নপৰিবলৈ এই ৰূপ ধৰিছিল।

১০ 5 marks
হনুমন্তই গধূলি সময়ত দেখা লঙ্কা নগৰীৰ এটা বৰ্ণনা দিয়া।

উত্তৰ: লঙ্কা নগৰী সোণেৰে নিৰ্মিত, সুন্দৰ গড়, নানা যন্ত্ৰে সজ্জিত, দেৱতা-অসুৰেও দুৰ্গম, সুবৰ্ণ মাণিক জ্বলে, বহল আৰু ৰাজপথ আদি।

১১ 5 marks
সুৰক্ষিত লঙ্কা নগৰী দেখি হনুমন্তৰ মনত কেনে ধৰণৰ চিন্তা আহিছিল?

উত্তৰ: লঙ্কা নগৰী সুৰক্ষিত দেখি হনুমন্ত চিন্তিত হৈছিল। তেওঁ ভাবিছিল — এই সুৰক্ষিত নগৰী সোমাই সীতাক কেনেকৈ বিচাৰিব আৰু বানৰে এই কাম কেনেকৈ কৰিব?।

১২ 5 marks
‘হনুমন্তৰ লঙ্কাদৰ্শন’ কাব্যাংশৰ মূল কথাখিনি নিজৰ কথাৰে লিখা।

উত্তৰ: সীতাৰ সন্ধানত হনুমন্ত সাগৰ পাৰ হৈ ত্ৰিকুট পৰ্বতত অৱতৰণ কৰে। তাৰ পৰা তেওঁ সুবৰ্ণময় লঙ্কা নগৰী দেখে। নগৰী সুৰক্ষিত। তেওঁ মেকুৰী ৰূপ ধৰি নগৰীত প্ৰবেশ কৰি সীতাক বিচাৰে।

ভাষা-বিষয়ক
১ 2 marks
সমাৰ্থক শব্দ লিখা: গগন; বিৰাল; গড়; সমুদ্ৰ; পৱন।

উত্তৰ: গগন—আকাশ, বিৰাল—মেকুৰী, গড়—প্ৰাচীৰ, সমুদ্ৰ—সাগৰ, পৱন—বায়ু।


অসমীয়া সাহিত্য চয়নিকা (নতুন) — হনুমন্তৰ লঙ্কাদৰ্শন | প্ৰশ্নোত্তৰ

Study materials

Send Us A Message






    Latest posts

    Thank You For Registering !

    Our Team Will Reach You Soon

    Limited Seats Available. Register Now

      Enter Your Contact Details To Download the PDF

        This form uses Akismet to reduce spam. Learn how your data is processed.

        REGISTER NOW

        👉 (Limited Seats Available) 👈