অধ্যায় ১: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
সম্পূৰ্ণ সমাধান (পাঠ্যপুথিৰ প্ৰশ্ন + অনুশীলনী) | SEBA Class 10 General Science
Class 10- Science Solutions
Class 10- English Solutions
Class 10- Maths Solutions
Class 10- Social Science Solutions
Class 10 (CBSE) - SYLLABUS
Class 10 (CBSE) - PYQ
প্ৰশ্নাৱলীঃ (পৃষ্ঠা ৬)
১২ নম্বৰ
বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?
উত্তৰঃ- মেগনেছিয়াম ফিটাৰ পৃষ্ঠ ভাগত বায়ুত থকা জলীয় বাষ্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।
২৩ নম্বৰ
তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।
(i) হাইড্র'জেন + ক্ল’ৰিন → হাইড্র'জেন ক্ল’ৰাইড।
(ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড
(iii) ছ’ডিয়াম + পানী → ছ'ডিয়াম হাইড্র'ক্সাইড + হাইড্র'জেন।
(i) হাইড্র'জেন + ক্ল’ৰিন → হাইড্র'জেন ক্ল’ৰাইড।
(ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড
(iii) ছ’ডিয়াম + পানী → ছ'ডিয়াম হাইড্র'ক্সাইড + হাইড্র'জেন।
উত্তৰঃ-
(i) H₂ + CI₂ → 2HCI
(ii) BaCl₂ + AL₂(SO₄)₃ → BasO₄ + AICI₃
(iii) 2Na + 2H₂O → 2NaOH + H₂
(i) H₂ + CI₂ → 2HCI
(ii) BaCl₂ + AL₂(SO₄)₃ → BasO₄ + AICI₃
(iii) 2Na + 2H₂O → 2NaOH + H₂
৩৩ নম্বৰ
তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্রস্তুত হয়।
(ii) ছ'ডিয়াম হাইড্রটক্সইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্ল'ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

(i) BaCl₂ + Na₂ SO₄ → BaSO₄ + 2NaC
(ii) NaOH + HCI → NaCl + H₂O
(i) BaCl₂ + Na₂ SO₄ → BaSO₄ + 2NaC
(ii) NaOH + HCI → NaCl + H₂O
প্ৰশ্নাৱলীঃ (পৃষ্ঠা ১০)
১২ নম্বৰ
এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।
(ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্রিয়াটো লিখা।
(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।
(ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্রিয়াটো লিখা।
উত্তৰঃ-
(i) পদাৰ্থ 'X' নাম হল পোৰা চূণ।
(ii) পানীৰ সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো হ'ল 一
CaO + H₂O → Ca(OH)₂ (পোৰা চুণ)
(i) পদাৰ্থ 'X' নাম হল পোৰা চূণ।
(ii) পানীৰ সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো হ'ল 一
CaO + H₂O → Ca(OH)₂ (পোৰা চুণ)
২২ নম্বৰ
কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।
উত্তৰঃ- যেতিয়া হাইড্ৰ’জেন আৰু অক্সিজেন 2:1 অনুপাতত মিলিত হয় তেতিয়া পানী উৎপন্ন হয়। অর্থাৎ, পানীৰ অণুত দুটা হাইড্ৰ’জেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে, সেইবাবে পানীৰ সংকেত, H₂O । প্রথম গেছটো হাইড্ৰ’জেন আৰু দ্বিতীয় গেছটো অক্সিজেন।
প্ৰশ্নাৱলীঃ (পৃষ্ঠা ১৩)
১২ নম্বৰ
লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?
উত্তৰঃ- লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰে। ফলত ক’পাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু ক’পাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।
২২ নম্বৰ
কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া।
উত্তৰঃ- ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছ'ডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছ'ডিয়াম নাইট্ৰে’ট দ্ৰৱ উৎপন্ন হয়।
AgNo3(aq) + NaCl(aq) → AgCl(s)↓ + NaNo3(aq)
AgNo3(aq) + NaCl(aq) → AgCl(s)↓ + NaNo3(aq)
৩৩ নম্বৰ
তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা।
(i) 4Na(s) + O₂(g) → 2Na₂O(s)
(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(I)
(i) 4Na(s) + O₂(g) → 2Na₂O(s)
(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(I)
উত্তৰঃ-
(i) এই বিক্ৰিয়াটোত Na জাৰিত হৈছে অৰ্থাৎ ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।
(ii) H₂ জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।
(i) এই বিক্ৰিয়াটোত Na জাৰিত হৈছে অৰ্থাৎ ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।
(ii) H₂ জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।
অনুশীলনীঃ
১১ নম্বৰ
তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2PbO(s) + C(s) → 2Pb(s) + CO₂(g)
(a) লেড বিজাৰিত হৈছে। (b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে। (c) কার্বন জাৰিত হৈছে। (d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b) (ii) (a) আৰু (c) (iii) (a), (b) আৰু (c) (iv) সকলো

উত্তৰঃ- (a) আৰু (b)
২১ নম্বৰ
Fe₂O₃ + 2AI → AI2O3 + 2Fe
ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্রিয়াৰ (b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ (c) এটা বিযোজন বিক্রিয়াৰ (d) এটা অপসৰণ বিক্রিয়াৰ
ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্রিয়াৰ (b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ (c) এটা বিযোজন বিক্রিয়াৰ (d) এটা অপসৰণ বিক্রিয়াৰ
উত্তৰঃ- (d) এটা অপসৰণ বিক্রিয়াৰ।
৩১ নম্বৰ
কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।
(a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়। (b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্র'ক্সাইড উৎপন্ন হয়। (c) বিক্রিয়া নঘটে। (d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
(a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়। (b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্র'ক্সাইড উৎপন্ন হয়। (c) বিক্রিয়া নঘটে। (d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰঃ- (a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
৪২ নম্বৰ
সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?
উত্তৰঃ- যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।
H2 + Cl2 → 2HCl
2H₂ + O₂ → 2H₂ O
ভৰৰ নিত্যতাবিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হ’ব লাগিব। গতিকে ৰাসায়নিক সমীকৰণসমূহ সন্তোলিত কৰিব লাগে।

৫৪ নম্বৰ
তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।
(a) হাইড্র'জেন গেছে নাইট্র'জেনৰে সৈতে লগ হৈ এম'নিয়া প্রস্তুত কৰে।
(b) হাইড্র'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।
(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

(a) জঁকা ৰাসায়নিক সমীকৰণ 一 H2 + N2 → NH3; সন্তুলিত ৰাসায়নিক সমীকৰণ 一 3H₂(g) + H₂(g) → 2NH₃(g)
(b) জঁকা ৰাসায়নিক সমীকৰণ 一 H2S + O2 → H2o + So2; সন্তুলিত ৰাসায়নিক সমীকৰণ 一 2H₂S(g) + 3O₂(g) → 2H₂O (l) + 2SO₂(g)
(c) জঁকা ৰাসায়নিক সমীকৰণ 一 BaCl2 + Al2(So4)3 → AlCl3 + BaSo4; সন্তুলিত ৰাসায়নিক সমীকৰণ 一 3BaCl₂(aq) + Al(SO₄)₃(aq) → 2AICI₃(aq) + 3BaSO₄(S)
(d) জঁকা ৰাসায়নিক সমীকৰণ 一 K + H2O → KOH + H2; সন্তুলিত ৰাসায়নিক সমীকৰণ 一 2K(s) + 2H₂O(l) → 2KOH + H₂(g)

৬৩ নম্বৰ
তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।
(a) HNO3 + Ca (OH)2 → Ca (NO3)2 + H2O
(b) NaOH + H₂SO₄ → Na₂SO₄ + H₂O
(c) NaCl + AgNO₃ → AgCl + NaNO₃
(d) BaCl₂ + H₂SO₄ → BaSO₄ + HCI
(a) HNO3 + Ca (OH)2 → Ca (NO3)2 + H2O
(b) NaOH + H₂SO₄ → Na₂SO₄ + H₂O
(c) NaCl + AgNO₃ → AgCl + NaNO₃
(d) BaCl₂ + H₂SO₄ → BaSO₄ + HCI
উত্তৰঃ-
(a) 2HNO₃ (aq) + Ca(OH)₂ (aq) → Ca(NO₃)₂ (aq) + 2H₂ O(l)
(b) 2NaOH (aq) + H₂SO₄ (aq) → Na₂ SO₄ (aq) + 2H₂O (aq)
(c) NaCl (aq) + AgNO₃ (aq) → AgCl (S) + NaNO₃ (aq)
(d) BaCl₂ (aq) + H₂SO₄ (aq) → BaSO₄ (S) + 2HCl (aq)

৭৪ নম্বৰ
তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন-ডাই-অক্সাইড → কেলছিয়াম কার্বনেট + পানী।
(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ।
(c) এলুমিনিয়াম + ক’পাৰ ক্ল'ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।
(d) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড।

(a) Ca(OH)₂ (aq) + CO₂ (g) → CaCO₃ (s) + H₂O (l)
(b) Zn (s) + 2AgNO₃ (aq) → Zn (NO₃)₂ (aq) + 2Ag (S)
(c) 2Al (s) + 3CuCI₂ (aq) → 2AICI₃ (aq) + 3Cu (S)
(d) BaCl₂ (aq) + K₂SO₄ (aq) → BaSO₄ (S) + 2KCI (aq)
(a) Ca(OH)₂ (aq) + CO₂ (g) → CaCO₃ (s) + H₂O (l)
(b) Zn (s) + 2AgNO₃ (aq) → Zn (NO₃)₂ (aq) + 2Ag (S)
(c) 2Al (s) + 3CuCI₂ (aq) → 2AICI₃ (aq) + 3Cu (S)
(d) BaCl₂ (aq) + K₂SO₄ (aq) → BaSO₄ (S) + 2KCI (aq)
৪৪ নম্বৰ
৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্র’মাইড (aq) + বেৰিয়াম আয়'ডাইড (aq) → পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড (s)
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)
(c) হাইড্র’জেন (g) + ক্ল’ৰিন (g) → হাইড্র’জেন ক্ল'ৰাইড(g)
(d) মেগনেছিয়াম (s) + হাইড্র’ক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্র’জেন (g)

(a) 2KBr (aq) + Bal₂ (aq) → 2KI (aq) + BaBr₂ (S) — ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।
(b) ZnCO₃(s) → ZnO(S) + CO₂(g) — ই এটা বিয়োজন বিক্ৰিয়া।
(c) H₂(g) + Cl₂(g) → 2HCl(g) — ই এটা সংযোজন বিক্ৰিয়া।
(d) Mg(s) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g) — ই এটা অপসৰণ বিক্ৰিয়া।

৯৩ নম্বৰ
তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ- যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে, মিথেন (প্ৰাকৃতিক গেছ) বায়ুত (অক্সিজেন) উপস্থিতিত জ্বলি CO2 আৰু H2O উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে। CH4 (g) + 2O2 (g) → CO2 + 2H2O + তাপশক্তি
যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে, N2 বায়ুৰ O2 ৰ সৈতে অতিকৈ উচ্চ উষ্ণতাত (3,000oc) বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড(NO) উৎপন্ন কৰোতে প্ৰচুৰ পৰিমাণে তাপ শোষণ কৰে।

১০২ নম্বৰ
শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।
উত্তৰঃ- শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণৰ তাপ শক্তিৰ উৎপন্ন হয়। সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। C₆H₁₂O₆ (aq) + 6O₂ (g) → 6CO₂ (g) + 6H₂O₂(l) + 2820(kJ)
১১২ নম্বৰ
বিয়োজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।
উত্তৰঃ- সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে, বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থৰ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেইবাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।
সংযোজন বিক্ৰিয়া 一 2H₂ (g) + O₂ (g) → 2H₂O (l), 2Mg (s) + O₂ (g) → 2MgO (s)
বিযোজন বিক্ৰিয়া 一 2H₂O(l) → 2H₂ (s) + O₂ (q), CaCO₂ (s) → CaO (s) + CO₂ (g)
সংযোজন বিক্ৰিয়া 一 2H₂ (g) + O₂ (g) → 2H₂O (l), 2Mg (s) + O₂ (g) → 2MgO (s)
বিযোজন বিক্ৰিয়া 一 2H₂O(l) → 2H₂ (s) + O₂ (q), CaCO₂ (s) → CaO (s) + CO₂ (g)
১২৩ নম্বৰ
তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।
উত্তৰঃ-
তাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ 一 CaCO₂(s) ––তাম→ CaO(s) + CO₂(g)
পোহৰ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ 一 2AgBr –––সূর্যৰশ্মি→ 2Ag + Br₂(g)
বিদ্যুত শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ 一 2H₂O(l) –––বিদ্যুৎশক্তি→ 2H₂(g) + O₂(g)

১৩৪ নম্বৰ
অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।
উত্তৰঃ- অপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। উদাহৰণ ㅡ (i) CuSO₄ + Zn → ZnSO₄ + Cu (ii) CuSO₄ + Fe ⟶ FeSO₄ + Cu
দ্বি-অপসৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশ গ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। উদাহৰণ 一 (i) AgNO₃ + NaCl → AgCl + NaNO₃ (ii) AgNO₃ + CuCl₂ → AgCl + Cu(NO₃)₂

১৪২ নম্বৰ
ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।
উত্তৰঃ- Cu(s) + 2AgNO₃ → Cu(NO₃) (aq) + 2Ag(S)
১৫২ নম্বৰ
অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰঃ- যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে। উদাহৰণ 一 (i) AgNO₃ (aq) + NaCl (aq) ⟶ AgCl(s) + NaNO₃ (aq) (ii) CuSO₄ (aq) + H₂S(g) ⟶ CuS(s) + H₂SO₄ (aq)
১৬২ নম্বৰ
অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।
(a) জাৰণ। (b) বিজাৰণ।
(a) জাৰণ। (b) বিজাৰণ।
উত্তৰঃ-
(a) জাৰণঃ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে। যেনে 一 (i) C(g) + O₂(g) ⟶ CO₂(g) (ii) 2Mg(s) + O₂(g) → 2MgO(s)
(b) বিজাৰণঃ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে। যেনে ー (i) CuO(s) + H₂(g) → Cu(s) + H₂O(l) (ii) ZnO(s) + C(s) ⟶ Zn(s) + CO(g)

১৭২ নম্বৰ
এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
উত্তৰঃ- উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ৰ নাম হ’ল ক’পাৰ (Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO). 2Cu(s) + O₂(g) ⟶ 2CuO(s)
১৮২ নম্বৰ
লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?
উত্তৰঃ- বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি ফেৰাছ ফেৰিক অক্সাইড উৎপন্ন কৰে। যাক আমি মামৰ বুলি কওঁ। এই মামৰে লোৰ বস্তুৰ ক্ষয়সাধন কৰে। সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটো মামৰে ধৰাৰ পৰা ৰক্ষা পৰে আৰু বস্তুটো ক্ষয়প্ৰাপ্ত নহয়। ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে।
১৯২ নম্বৰ
তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র'জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?
উত্তৰঃ- তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হয়। নাইট্ৰ'জেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰ'জেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয়। ফলত বহু দিনলৈ ভালে থাকে।
২০২ নম্বৰ
এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন। (b) চৰ্বিৰ দুৰ্গন্ধিতা।
(a) ক্ষয়ীভৱন। (b) চৰ্বিৰ দুৰ্গন্ধিতা।
উত্তৰঃ-
(a) ক্ষয়ীভৱনঃ ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে - জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে - লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত ক’লা দাগ পৰা আদি।
(b) চৰ্বিৰ দুৰ্গন্ধিতাঃ তেল বা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ বাবে ৰাখি থ’লে এনে খাদ্য দ্ৰব্যত থকা তেল বা চৰ্বি বায়ুত অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধি আৰু বেয়া স্বাদযুক্ত হয়। ইয়াক চৰ্বিৰ দুৰ্গন্ধিতা বোলে। যেনে - মাখন অলপ বহুদিন সাধাৰণ উষ্ণতাত থৈ দিলে গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়।

SEBA Class 10 General Science | অধ্যায় ১: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | সম্পূৰ্ণ সমাধান
সূত্ৰ: dailyassam.com · প্রশ্ন আৰু উত্তৰ মূল উৎসৰ পৰা হুবহু লোৱা হৈছে
সূত্ৰ: dailyassam.com · প্রশ্ন আৰু উত্তৰ মূল উৎসৰ পৰা হুবহু লোৱা হৈছে
Study materials
- Refernce Books
- NCERT Solutions
- Syllabus
Send Us A Message
Latest posts

News
Navigating the Shift: A Comprehensive Guide to the Revised NCERT Class 9 Syllabus (2026-27)
Read More »
February 25, 2026
No Comments