class 9 science assamese medium chapter 4

বল আৰু গতি বিশয়ক সূত্ৰ সমূহ - অধ্যায় ১০

Class 9 assamese medium science chapter 10: নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, EduAid য়ে তোমালোকৰ বাবে বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ প্ৰশ্নৱালী সমূহৰ সমাধান প্ৰস্তুত কৰি উলিয়াইছে। আশা কৰো তোমালালোক ইয়াৰ দ্ৱাৰা উপকৃত হ’বা ।
Subject matter experts of EduAid has ardently given all the efforts to prepare the solutions fo you. You can navigate through these solutions using the table of content given below. 

In this article, we have brought the solutions for the first chapter of your Science text book. The first chapter of Science for class 9 in Assamese is : অনু আৰু পৰমাণু।

পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ

1. মহাকর্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা।

উত্তৰঃ বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকর্ষণ কৰে, এই আকর্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ
মাজৰ বৰ্গৰ ব্যস্তানুপাতিক। এই বল, বস্তু দুটাৰ কেন্দ্র সংযােগী ৰেখাৰ দিশত ক্রিয়াশীল হয়। অর্থাৎ, \(F=\frac{GMm}{d}\)

2. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলৰ মান নির্ণয় কৰা সূত্ৰটো লিখা।

উত্তৰঃ ধৰাহ’ল, F বলে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা বস্তু এটাৰ ওপৰত ক্রিয়া কৰিছে। গতিকে, পৃথিৱীৰ ভৰ হ’ব M আৰু বস্তুটোৰ ভৰ হ’ব m। এতেকে পৃথিৱী আৰু বস্তুটোৰ মাজৰ দূৰত্ব উলিওৱা সূত্ৰটো হ’ব-  \(F=\frac{GMm}{d^2}\)
3. মুক্ত অধােগমন মানে কি বুজা?
উত্তৰ: পৃথিৱীয়ে যিকোনাে বস্তুক ইয়াৰ কেন্দ্ৰৰ পিনে আষর্ষণ কৰে। ইয়াৰ কাৰণ হ’ল মাধ্যাকর্ষণিক বল। বস্তু এটাই এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ
পৰিলে সেই গতিক মুক্ত অধােগমন বােলে।

4. মাধ্যাকর্ষণিক ত্বৰণ মানে কি বুজা?
উত্তৰঃ বস্তু এটা মাধ্যাৰ্ষণিক বলৰ বাবে তললৈ পৰিলে তাৰ লগত জড়িত ত্বৰণক মাধ্যাকর্ষণিক ত্বৰণ বােলে।

প্রশ্ন ;বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি? 

উত্তৰ: ভৰ আৰু ওজনৰ পাৰ্থক্যবােৰ হ’ল

ভৰ
ওজন
ভৰ হল বস্তু
ওজন হল বস্কুৰ ওপৰত মধ্যাকৰ্ষণ বলে বস্তুটোক পৃথিৱীৰ কেন্দ্ৰৰফালে টনা বল।
ভৰ হ’ল বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণ
ওজন হ’ল বস্তুৰ ভৰৰ ওপৰত মধ্যাকর্ষণ বলে বস্তটোক পৃথিৱীৰ কেন্দ্ৰৰফালে টনা বল।
ভৰে বস্তুৰ জড়তাৰ জোখ দিয়ে।
ভৰে বস্তুৰ জড়তাৰ জোখ দিয়ে।
ভৰ বিশ্বব্রহ্মাণ্ডৰ সকলাে ঠাইতে একে থাকে।
ওজনৰ মান বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হয়।
ভৰ কেতিয়াও শূন্য হ’ব নােৱাৰে।
ওজন শূন্য হ’ব পাৰে। পৃথিৱীৰ কেন্দ্ৰত ইয়াৰ মান শূন্য।
ভৰ এটা স্কেলাৰ ৰাশি
ওজন ভেক্টৰ ৰাশি।

2. চন্দ্রপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ \(\frac{1}{6}\) অংশ হয় কিয় ?
উত্তৰ: বস্তু এটাৰ ভৰ মাধ্যাকর্ষণিক ত্বৰণৰ লগত সম্পর্কিত। বস্তু এটাৰ ভৰ যিমানে বৃদ্ধি হয় মাধ্যাকর্ষণিক বলে সিমান বেছি আকর্ষণ কৰে। গতিকে, পৃথিৱীৰ তুলনাত চন্দ্ৰটোৰ আকাৰ সৰু। মাধ্যাকর্ষণিক ত্বৰণে সদায় বস্তুটোৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। চন্দ্রপৃষ্ঠত বস্তু এটাৰ ওজন ভূ- পৃষ্ঠৰ ওজনৰ \(\frac{1}{6}\) অংশ হয়। কাৰণ, চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰৰ \(\frac{1}{6}\) অংশ।

1. মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগােৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়?
উত্তৰঃ মিহি মজবুত ৰছিৰ ফিটা লগােৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয়, কাৰণৰচিয়ে বাহুৰ ওপৰত প্ৰয়ােগ কৰা চাপ। বস্তু এটাই আন এটা বস্তু ওপৰত প্ৰতি একক ক্ষেত্রফলৰ ওপৰত চাপ প্রয়ােগ কৰে। একেদৰে, ৰচিৰ ফিটা এডালে বাহুৰ ওপৰত কম ক্ষেত্রফলৰ ওপৰত চাপ প্রয়ােগ কৰে, যিটো চাপ বাহুটোৰ সাপেক্ষে বহুত বেছি। ফলত ইয়াক কান্ধত লৈ ফুৰাত অসুবিধা হয়।

2. প্লাৱিতা মানে কি বুজা?
উত্তৰঃ বস্তু এটাক পানীত ডুবালে বস্তুটোৰ ওপৰত প্রয়ােগ কৰা উর্ধমূখী বলটোক প্লাৱিতা বােলে।

3. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই ওপঙা বা ডুবাৰ কাৰণ কি?
উত্তৰঃ বস্তু এটা ডুবা বা উপঙা বস্তুটোৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। বস্তু এটাৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হ’লে ইয়াৰ ওপৰত পানীয়ে প্রয়ােগ কৰা উর্ধমূখী হেঁচা বস্তুটোৰ ওজনতকৈ কম হয়। ফলত বস্তুটো পানীত ডুবি যায়।
আনহাতে, বস্তু এটাৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হলে বস্তুটোৰ ওপৰত পানীয়ে প্ৰয়ােগ কৰা উর্ধমূখী হেঁচা বস্তুটোৰ ঘনত্বতকৈ বেছি হয়। ফলত বস্তুটো পানীত ওপঙি থাকে।

1. ওজন জোখা যন্ত্র পাঠ অনুসৰি তােমাৰ ভৰ 42kg ৷ তােমাৰ ভৰ 42kg তকৈ কম নে বেছি?

উত্তৰ: যেতিয়া আমাৰ শৰীৰটো জোখা হয় তেতিয়া আমি থিয় হােৱা যন্ত্ৰটোৱে উর্ধমূখী হেঁচা প্রয়ােগ কৰে। যাৰ মান আমাৰ আচল ওজনতকৈ কম হয়। গতিকে, যন্ত্ৰটোৰ পাঠতকৈ মােৰ ভৰ কম হব।

2. তােমাৰ হাতত কপাহৰ মােনা এটা আৰু লােৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্রত প্রত্যেকৰে ভৰ 100kg পােৱা গ’ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধূৰ। কোনটো বেছি গধূৰ আৰু সি কিয় বেছি গধূৰ ক’ব পাৰিবানে?

উত্তৰ:  কোনাে এটা বস্তুৰ আচল ওজন বস্তুটোৰ জোখা ওজন আৰু প্লাৱিতা বলৰ যােগফলৰ সমান। কপাহৰ মােনাটোৰ ক্ষেত্রফল লােৰ দণ্ডডালতকৈ বেছি৷ গতিকে, কপাহৰ মােনাৰ ওপৰত প্ৰয়ােগ কৰা প্লাৱিতাবল বেছি আৰু যাৰ বাবে ইয়াৰ গধূৰতাও বেছি।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ অনুশীলনীৰ প্রশ্নোত্তৰ

1. দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূর্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকর্ষণিক আকর্ষণ পূর্বৰ তুলনাত কিমান হ’ব?
উত্তৰ: দুটা বস্তুৰ মাজৰ দূৰত্ব পূৰ্বৰ তুলনাত আধা কৰিলে বস্তু দুটাৰ মাজৰ মহাকর্ষণিক আকর্ষণ পূর্বৰ তুলনাত চাৰিগুণ বৃদ্ধি হ’ব।

2. মহাকর্ষণিক বলে বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিক ভাৱে ক্রিয়া কৰে। তেন্তে গধূৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় ?
উত্তৰঃ কোনাে বস্তু এটা তললৈ অধােগমন হওঁতে এটা ত্বৰণ অনুভৱ কৰে যিয়ে বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে। সেইবাবে গধূৰ বা পাতল বস্তু একে হাৰতে অধােগমন হ’ব। বস্তুৰ ওপৰত মহাকর্ষণিক বলে তাৰ সমানুপাতিক হিচাপে ক্রিয়া কৰিলেও পাতল বস্তুৰ সাপেক্ষে গধূৰ বস্তু খৰকৈ নপৰে।

3. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলৰ মান কিমান? (পৃথিৱীৰ ভৰ 6 x1024 kg আৰু পৃথিৱীৰ ব্যাসার্ধ 6.4 x 106 m)

উত্তৰঃ
বস্তুটোৰ ভৰ, \(m=1kg\)
পৃথীৱীৰ ভৰ, \(m=6\times10^{24}kg\)
পৃথীৱৰ ব্যাসাৰ্ধ, \(r=6.4\times10^{6}\)
মহাকৰ্ষণিক তৃৰণ, \(G=6.67\times10^{-11}nm^2kg^2\)
পৃথিৱীৰ আু বস্তুটোৰ মাজৰ মহাকাৰ্ষণিক বল-
\(F=G\frac{M\times m}{r^2}\)
\(=6.67\times10^{11}Nm^2kg^2\times\frac{6\times10^{24}kg\times1kg}{(6.4\times10^{6}m)^2}\)
\(=6.67\times10^{-11}Nm^2kg^2\times\frac{6\times10^{24}kg\times1kg}{40.96\times10^{12}m^2}\)
\(=\frac{40.02\times10^{-11}\times10^{24}}{40.96\times10^{12}}N\)
\(=9.8\space N\)

4. মহাকর্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্র পৰম্পৰে আকর্ষিত হয়। চন্দ্রই পৃথিৱীক যি বলেৰে আকর্ষণকৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্রয়ােগকৰা আকর্ষণ বল সমান নে কম নে বেছি? কিয়?

উত্তৰঃ আমি জাননা যে, এটা নির্দিষ্ট বলে সৃষ্টি কৰা ত্বৰণ বস্তুৰ ভৰৰ ব্যস্তানুপাতিক। পৃথিৱীৰ তুলনাত চন্দ্ৰৰ ভৰ কম হােৱা বাবে পৃথিৱীয়ে চন্দ্ৰৰ
ওপৰত প্ৰয়ােগ কৰা আকর্ষণী বল বেছি হ’ব।

5. চন্দ্ৰই পৃথিৱীক আকর্ষণ কৰি থকা স্বত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয় ?
উত্তৰ: চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰৰ তুলনাত কম। গতিকে, পৃথিৱীৰ আকৰ্ষণী বলৰ তুলনাত চন্দ্ৰৰ আকর্ষণী বলল কম হ’ব। সেইবাবে চন্দ্রই পৃথিৱীক আকর্ষণ কৰা স্বত্তেও ই চন্দ্ৰৰ পিনে ধাৱমান হােৱা পৰিলক্ষিত নহয়।

6. দুটা বস্তুৰ মাজৰ বলৰ কি পৰিবর্তন হ’ব,
(i) এটা বস্তুৰ ভৰ দুগুণ কৰা হয় ?

(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণআৰু তিনিগুণ কৰা হয় ?
(iii) দুয়ােটা বস্তুৰ ভৰ দুগুণ কৰা হয় ?
উত্তৰঃ (i) এটা বস্তুৰ ভৰ দুগুণ কৰিলে আকর্ষণী বল আগৰ তুলনাত দুগুণ হ্রাস হ’ব।
(ii) বস্তুদুটাৰ মাজৰ দূৰত্ব দুগুণ কৰিলে আকর্ষণী বল 1/4 গুণ হ’ব আৰু তিনিগুণ বৃদ্ধি কৰিলে আকর্ষণী বল 1/9 গুণ হ’ব।
(iii) দুয়ােটা বস্তুৰ ভৰ দুগুণ কৰিলে আগৰ। তুলনাত আকর্ষণী বল 4 গুণ হব।

7. মহাকর্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান?
উত্তৰঃ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ’ল-
(i) আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বলৰ অধ্যয়ন।
(ii) পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ বিষয়ে অধ্যয়ন।
(iii) সূৰ্যৰ চাৰিওফালে গ্রহবােৰৰ গতি আৰু
(iv) চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্রপৃষ্ঠত উঠা জোৱাৰ আদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ মহাকর্ষনৰ বিশ্বজনীন সূত্র ব্যৱহাৰ কৰা হয়।

8. মুক্ত আধােগমনৰ ত্বৰণ কিমান?
উত্তৰঃ মুক্ত আধােগমনৰ ত্বৰণ হ’ল- 9.8 ms-2

9. পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলক আমি কি বুলি কওঁ ?
উত্তৰ: পৃথিৱী আৰু বস্তু এটাৰ মাজৰ আকর্ষণী বলক বস্তুটোৰ ওজন বুলি কোৱা হয়।

10. অমিতে তেওঁৰ বন্ধু এজনৰ পৰা মেৰু অঞ্চলত কেই গ্রামমান সােণ কিনিলে। বিষুব অঞ্চলত তেওঁৰ ভেটাভেটি হ’লত সােণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সােণৰ ওজনটো মানি ল’বনে? যদি নলয়, তেন্তে কিয় ? (ইংগিতঃবিষুঅঞ্চলতকৈ মেৰু অঞ্চলত gৰমান বেছি।)
উত্তৰঃ, মানি নলয়। কাৰণ, বস্তু এটাৰ ওজন হ’ল বস্তুটোৰ ভৰ আৰু মাধ্যাকর্ষণিক বলৰ গুণফল। যিহেতু মেরু অঞ্চলত g ৰ মান বিযুৱ অঞ্চলতকৈ
বেছি। গতিকে, মেৰু অঞ্চলতকৈ বিযুৱ অঞ্চলত সােণখিনিৰ ওজন হ্রাস হ’ব।

11, কাগজ মােহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহেলাহে পৰাৰ কাৰণ কি?
উত্তৰঃ বস্তু এটাৰ অধােগমন বস্তুটোৰ ক্ষেত্রফলৰ ওপৰত নিৰ্ভৰ কৰে। বস্তু এটাৰ ক্ষেত্রফল বেছি হ’লে ই লাহে লাহে পৰে আৰু ক্ষেত্রফল কম হলে খৰতকীয়াভাৱে পৰে। কাগজ এখিলাৰ ক্ষেত্রফল, কাগজেৰে মােহাৰি বনােৱা বলৰ ক্ষেত্রফলতকৈ বেছি। সেইবাবে, কাগজখিলা লাহে লাহে পৰিব।

12. চন্দ্র পৃষ্ঠত মহাকর্ষণ বল ভূ-পৃষ্ঠৰ মহাকর্ষণিক বলৰ অংশ। 10kg ভৰৰ বস্তু এটাৰ চন্দ্র পৃষ্ঠত নিউটন এককত ওজন কিমান হ’ব ?
উত্তৰঃ ইয়াত,
বস্তুটোৰ ভৰ, m = 10 kg
মাধ্যাকর্ষণিক ত্বৰণ, g = 9.8 ms-2
আমি জানাে যে,
W = mg
= 10 kg × 9.8 ms-2
= 98 N.
ভূ-পৃষ্ঠত বস্তুটোৰ ওজন 98 N.
আকৌ,
চন্দ্রপৃষ্ঠত ওজন = 1/6 ×পৃথিৱীত ইয়াৰ ওজন
=  1/6 × 98 N
= 16.33 N.
চন্দ্রপৃষ্ঠত বস্তুটোৰ ওজন 16.33 N.

13. বল এটা উলম্বভাৱে ওপৰলৈ 49 m/s বেগেৰে দলিওৱা হ’ল।
(i) ই আৰােহন কৰা সর্বোচ্চ উচ্চতা আৰু
(ii) ভূ-পৃষ্ঠলৈ উভতিবলৈ প্রয়ােজন হােৱা মুঠ সময় নির্ণয় কৰা।

উত্তৰঃ ইয়াত,
বলটোৰ বেগ, v = 49 ms-2
মাধ্যাকর্ষণিক ত্বৰণ, g= -9.8 ms-2 (উধূমখী গতি)
বলটোৰ প্ৰাৰম্ভিক বেগ, u  = 0
আমি জানাে যে,

\(s=\frac{v^2-u^2}{2g}\)
\(=\frac{(49)^2-0^2}{2\times(-9,8)}\)
\(=\frac{2401}{-19.6}\)
\(=122.5\space m\)
∴ বলটোৱে আহৰণ কৰা সৰ্বোচ্চতা \(s=122.5m\)

(ii) বলটোৱে সর্বোচ্চ উচ্চতাত উঠিবলৈ লােৱা সময়-

\(t=\frac{v-u}{g}\)
\(=\frac{49-0}{9.8}\)
\(=\frac{49}{9.8}=5s\)

যিহেতু বলটো দুবাৰকৈ সময় অতিক্রম কৰিছে। গতিকে বলটোৱে ভূ-পৃষ্ঠলৈ উভতিবলৈ লােৱা মুঠ সময়- 5s + 5s = 10s

14 19.6 m উচচতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এৰি দিয়া হ’ল। মাটি স্পর্শ কৰাৰ আগমূহুর্তত ইয়াৰ অন্তিম বেগ কিমান হব উলিওৱা।
উত্তৰঃ ইয়াত,
স্তম্ভৰ উচ্চতা, s = 19.6 m
শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ, u = 0
মাধ্যাকর্ষণিক ত্বৰণ, g = 9.8 ms-2
আমি জাননা যে,

\(\frac{v^2-u^2}{2g}=s\)
\(\Rightarrow \frac{v^2-0^2}{2\times9.8}=19.6\)
\(\Rightarrow v^2=(19.6)^2\)
\(\Rightarrow v=19.6ms^{-1}\)
মাটি স্পৰ্শ কৰাৰ আগত শিলগুটিটোৰ অন্তিম বোদ \(19.6ms^{-1}\)

15. 40 ms-1 বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হল। g ৰ মান 10 ms-2 ধৰি শিলগুটিটো সর্বোচ্চ কিমান উচ্চতালৈ উঠিৰ উলিওৱা। শিলণ্ডটি টোৰ মুঠ সৰণ আৰু ই অতিক্রম কৰা মুঠ দূৰত্ব উলিওৱা।
উত্তৰঃ ইয়াত,
শিলগুটিটোৰ বেগ, ν = 40 ms-1
শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ, u = 0
মাধ্যাকর্ষণিক ত্বৰণ, g 10 ms-2
আমি জানাে যে,

\(s=\frac{v^2-u^2}{2g}\)

\(=\frac{(40)^2-0^2}{2\times(-10)}\)

\(=\frac{1600}{-20}\)

\(=-80m\)

∴ শিলগুটিটো সর্বোচ্চ 80 m উচ্চতালৈ উঠিব। যিহেতু শিলগুটিটো সর্বোচ্চ উচ্চতাৰ পৰা পুনৰ ভূমিস্থিত হয়। গতিকে শিল গুটিটোৰ সৰণ শূণ্য (0) হ’ব।
শিলগুটিটো ভূমিৰ পৰা সর্বোচ্চ উচ্চতা আৰু উভতি ভূমিস্থিত হয়। গতিকে ই দুবাৰকৈ দূৰত্ব অতিক্ৰম কৰিছে। এতেকে, শিলগুটিটোৱে অতিক্রম কৰা মুঠ দূৰত্ব 80m + 80m = 160m।

16. পৃথিৱী আৰু সূৰ্যৰ মহাকর্ষণ বল নির্ণয় কৰা। দিয়া আছে পৃথিৱীৰ ভৰ 6×1024 kg, সুৰ্যৰ ভৰ 2×1030 kg, পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 1.5×1011 m।
উত্তৰ ইয়াত,
পৃথিৱীৰ ভৰ, m = 6×1024 kg
সূৰ্যৰ ভৰ, M = 2×1030 kg
পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব, d = 1.5×1011 m

আমি জানো যে,

\(F=G\frac{m\times m}{d^2}\)

\(=6.67\times10^{-11}Nm^2kg^2\times\frac{2\times10^{30}kg\times6\times10^{24}kg}{(1.5\times10^{11}kg)^2}\)

\(\frac{6.67\times2\times6\times10^{43}}{2.25\times10^{22}}N\)

\(=35.57\times10^{21}N\)

\(=3.56\times10^{22}N\)

পৃথিৱীৰ আৰু সূৰ্যৰ মাজৰ আকৰ্ষণী বল \(3.56\times10^{22}N\)।

17. 100 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ’ল আৰু একে সময়তে অন্য এটা শিলগুটি 25 ms-1 বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হ’ল। কেতিয়া আৰু ক’ত শিলগুটি দুটাৰ ভেটাভেটি হ’ব?
উত্তৰঃ ধৰাহল,
t ছেকেণ্ড পিছত ভূমিৰ পৰা x মিটাৰ উচ্চতাত শিলগুটি দুটা ভেটাভেটি হ’ব।
t সময় পিছত 100 m উচ্চতাৰ পৰা তললৈ পৰা শিলগুটিটোৱে অতিক্রম কৰা দূৰত্ব-

S = (100 – x) m
আৰু উলম্বভাৱে ওপৰলৈকে দলিওৱা শিলগুটিটোৱে আৰােহণ কৰা উচ্চতা- h = x m
তললৈ পৰা শিলগুটিটোৰ বাবে পাওঁ-

\(s=ut+\frac{1}{2}gt^2\)

\(\Rightarrow100-x=0\times t+\frac{1}{2}\times10\times t^2\)

\(\Rightarrow 100-x=5t^2\) ………..i(i)

আকৌ,

ওপৰলৈ দলিওৱা শিলগুটিটোৰ বাবে পাওঁ-

\(s=ut+\frac{1}{2}gt^2\)

\(\Rightarrow=25\times t\frac{1}{2}\times(-10)\times t^2\)

\(\Rightarrow x=25t-5t^2\)

\(\Rightarrow 25t-x=5t^2\) ……………(ii)

(i) আৰু (ii) ৰ পৰা পাওঁ-

\(100-x=25t-x\)

\(Rightarrow 25t-1=5t^2\)

\(\Rightarrow t=\frac{100}{25}\)

\(\Rightarrow t=4s\)

(i) ৰ পৰা পাওঁ-

\(100-x=5×4^2\)

\(\Rightarrow x=80-100m\)

\(\Rightarrow -x=-20m\)

\(\Rightarrow x=20 m\)

এতেকে, তললৈ পৰা শিলগুটিটোৱে অতিক্ৰম কৰা দূৰত্ব-

\(S=(100-20)m=80m\)

আৰু শিলগুটি দুটাই 4s সময় পিছত ভেটেভেটি হব।

18. উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল।
(ক) ইয়াৰ উর্ধমূখী প্রক্ষেপ বেগ
(খ) ই আৰহণ কৰা সর্বোচ্চ উচ্চতা
(গ) 4 ছেকেণ্ড পিছত ইয়াৰ অৱস্থান নির্ণয় কৰা।
উত্তৰঃ ধৰাহল,
শিলগুটিটোৱে আৰােহণ কৰা সর্বোচ্চ উচ্চতা = h m
উচ্চতা পাবলৈ সময় লাগে \(\frac{6}{2}=3s\)
উচ্চতাত শিলগুটিটোৰ বেগ, \(v=0 ms^{-2}\)
মাধ্যাকর্ষণিক ত্বৰণ, \(g=-9.8ms^{-2}\)
(ক) আমি জাননা যে,
\(v = u + gt\)
\(⇒ 0 = u + (- 9.8)\times3\)
\(⇒ u = 29.4 ms^{-1}\)
(খ) শিলগুটিটোৱে আৰােহণ কৰা সর্বোচ্চ উচ্চতা-

\(h-\frac{v^2-u}{2g}\)

\(=\frac{0^2-(-29.4)^2}{2\times(-9.8)}\)

\(=\frac{864.34}{19.6}m\)

\(=44.1m\)

(গ) 4 ছেকেণ্ড পিছত শিলগুটিটোৰ অৱস্থান-

\(s=ut+\frac{1}{2}gt^2\)

\(=29.4\times4+\frac{1}{2}\times(-9.8)\times4^2\)

\(=39.2m\)

19. তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাৱিতা বলে কোন দিশত ক্রিয়া কৰে?
উত্তৰঃ তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাৱিতা বলে লম্বভাৱে মাধ্যাকর্ষণৰ বিপৰীত দিশত ক্রিয়া কৰে।

20. পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে?
উত্তৰঃ প্লাষ্টিকৰ ওজনতকৈ পানীৰ প্লাৱিতাবলৰ মান বেছি হােৱা বাবে প্লাষ্টিকৰ টুকুৰা পানীৰ পৃষ্ঠলৈ ঘূৰি আহে।

21. 50 gm ভৰৰ বস্তু এটাৰ আয়তন 20 cm। যদি পানীৰ ঘনত্ব 1gm cm3 হয় তেন্তে বস্তুটো পানীত উপঙিব নে ডুবিব?
উত্তৰঃ ইয়াত,
পানীৰ ঘনত্ব, \(D=1\space gm\space cm^3\)
বস্তুটোৰ ভৰ, \(m=50\space gm\)
বস্তুটোৰ আয়তন, \(υ = 20\space cm\)
∴বস্তুটোৰ ঘনত্ব-
\(D1=\frac{50}{20}\)
\(=2.5 gm \space cm^3\)
যিহেতু \(D1 > D2\) গতিকে বস্তুটো পানীত দুবিব।

22. 500 g ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350 cm। পানীৰ ঘনত্ব 1gm cm হলে পেকেটটো পানীত উপঙিব নে ডুবি? পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান হ’ব?
উত্তৰঃ ইয়াত,
পানীৰ ঘনত্ব, \(D=1\space gm\space cm^3\)

বস্তুটোৰ ভৰ, \(m = 500\space gm\)
বস্তুটোৰ আয়তন, \(V=350\space cm^3\)
বস্তুটোৰ ঘনত্ব-
\(D1=\frac{m}{v}\)
\(=\frac{500}{350}\)
\(=1.43\space gm\space cm^3\)
যিহেতু \(D1 > D2\) গতিকে বস্তুটো পানীত ডুবিব।
আকৌ,
পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ-
\(m = v \times D\)
\(= 350\times1\)
\(= 350\space gm\)

মহাকৰ্ষণ

 প্রশ্ন: পৃথিৱীখনৰ ফালে সৰি পৰা আপেলটো গতি কৰে, কিন্তু পৃথিৱীখনে আপেলৰ দিশত নাযায় কিয় ?

উত্তৰ: কাৰণ ত্বৰণ বস্তুৰ ভৰৰ ব্যস্তানুপাতিক। আপেলৰ ভৰ পৃথিৱীৰ তুলনাত নগণ্য, গতিকে তাৰ ত্বৰণ পৃথিৱীৰ তুলনাত অধিক। গতিকে আপেলৰ ফালে পৃথিৱী গতি নকৰে।

প্রশ্নঃ মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগােৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়?
উত্তৰঃ ৰছী এড়ালৰ ক্ষেত্রফল ফিটা এডালতকৈ কম | আমি জানাে যে ক্ষেত্রফল কমিলে চাপ বাঢ়ে গতিকে ৰছী লগােৱা স্কুলবেগটোৱে দিয়া চাপ বেছি। গতিকে ইয়াক লৈ ফুৰােতে বেছি কষ্ট পােৱা যায়।

প্রশ্ন : পৃথিৱী আৰু চন্দ্র মহাকর্ষণিক বলৰ দ্বাৰা পৰস্পৰে আকর্ষিত হয়। চন্দ্রই পৃথিৱীক যি বলেৰে আকর্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্রৰ ওপৰত প্ৰয়ােগ কৰা আকর্ষণী বল সমান নে কম নে বেছি?
উত্তৰ: চন্দ্ৰই যিমান পৰিমাণৰ বলেৰে পৃথিৱীক আকর্ষণ কৰে পৃথিৱীয়ে চন্দ্রক সমান বলেৰেই আকর্ষণ কৰে। নিউটনৰ তৃতীয় সূত্রমতে ইয়াৰ দিশ পৰম্পৰ বিপৰীত।

প্রশ্ন : পৃথিবী আৰু বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলক আমি কি বুলি কওঁ ?
উত্তৰ পৃথিৱী আৰু বস্তু এটাৰ মহাকর্ষণিক বলক মাধ্যাকর্ষণিক বল বােলে। ইয়াৰ দ্বাৰাই বস্তুৰ ওজনৰ সৃষ্টি হয়।

প্রশ্ন : কাগজ মােহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি ?
উত্তৰঃ কাগজৰ বলটো যেতিয়া মেলি দিয়া হ’ল তেতিয়া কাগজখিলাৰ আকাৰ বৃদ্ধি হ’ল। গতিকে ইয়াৰ ওপৰত বায়ুৰ বাধা বেছি হ’ল। গতিকে ই কাগজৰ বলটোতকৈ কিছু পলমকৈ মাটিত পৰিল।

প্রশ্ন: তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্রিয়া কৰে ?
উত্তৰ: তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাৱিতা বলে উলম্বভাৱে উধ্বমুখে ক্রিয়া কৰে।

উত্তৰ :প্লাষ্টিকৰ ঘনত্ব পানীতকৈ কম। প্লাষ্টিক টুকুৰাৰ ওপৰত প্রয়ােগ হােৱা প্লাৱিতা বল প্লাষ্টিক টুকুৰাৰ ওজনতকৈ বেছি। গতিকে পানীৰ তলত এৰি দিয়া প্লাষ্টিক টুকুৰা পানীৰ পৃষ্ঠলৈ উঠি আহে।

প্রশ্ন : মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান আৰু একক উল্লেখ কৰা।
উত্তৰ:মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান হ’ল – G = 6.6 x 10-¹¹ আৰু একক হ’ল নিউটন মিঃ ²কিঃ²/কিঃ গ্রাঃ’² বা (Nmkg)

প্রশ্ন : তলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্রিয়া কৰে ?
উত্তৰ: তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাৱিতা বলে উলম্বভাৱে উধ্বমুখে ক্রিয়া কৰে।

প্রশ্ন: পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে?
উত্তৰ: প্লাষ্টিকৰ ঘনত্ব পানীতকৈ কম। প্লাষ্টিক টুকুৰাৰ ওপৰত প্রয়ােগ হােৱা প্লাৱিতা। বল প্লাষ্টিক টুকুৰাৰ ওজনতকৈ বেছি। গতিকে পানীৰ তলত এৰি দিয়া প্লাষ্টিক টুকুৰা পানীৰ পৃষ্ঠলৈ উঠি আহে।

প্রশ্ন : মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান আৰু একক উল্লেখ কৰা।
উত্তৰ : মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান হ’ল – G = 6.6 x 10-¹¹ আৰু একক হ’ল নিউটন মিঃ কিঃকিঃ গ্রাঃ’ বা (Nmkg)

প্রশ্ন : মহাকর্ষণ আৰু মাধ্যাকর্ষণৰ মাজৰ পার্থক্য কি?
উত্তরঃ মহাকর্ষণ হ’ল বিশ্বব্রহ্মাণ্ডৰ যিকোনাে দুটা বস্তু বা পদার্থ কণাৰ মাজৰ পৰম্পৰ আকর্ষণ। কিন্তু মাধ্যাকর্ষণ হ’ল কেৱল পৃথিৱীয়ে তাৰ ওপৰৰ সকলাে বস্তুকে আকর্ষণ।

প্রশ্ন : চাপৰ সংজ্ঞা আৰু একক লিখা।
উত্তৰ কোনাে পৃষ্ঠৰ একক ক্ষেত্রফলৰ ওপৰত প্রয়ােগ হােৱা হেঁচা বা বলকে চাপ বােলে।
চাপৰ S… একক নিউটন/’মিটাৰ (Nm-2)।

প্রশ্ন: আর্কিমিডছৰ সূত্ৰটো লিখা।
উত্তৰ : আর্কিমিডছৰ সূত্ৰটো হ’ল—বস্তু এটা তৰলত আংশিক বা সম্পূর্ণকৈ ডুবালে বস্ত্ৰটোরে হেৰােৱা ওজন ই অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।

প্রশ্ন : প্লাৱিতা মানে কি? বুজা?
উত্তৰ তৰলত নিমজ্জিত বস্তু এটাৰ ওপৰত তৰলে প্ৰয়ােগ কৰা উর্ধ্বমুখী বলকে তাৰ প্লাৱিতা বােলে।

প্রশ্ন: বিশ্ব ধ্রুবক ‘G’ ৰ SI একক কি ?
উত্তৰঃ G ৰ SI একক হ’ল Nmkg

প্রশ্ন : Gৰ মান কোনে পৰীক্ষাৰে পােন প্রথমবাৰৰ বাবে নিৰ্ধাৰণ কৰিছিল?
উত্তৰ : হেনৰি কেভেণ্ডিছে।

প্রশ্ন : G ৰ মান কিমান? মহাকর্ষণ আৰু মাধ্যাকর্ষণৰ মাজৰ পার্থক্য কি?
উত্তরঃ মহাকর্ষণ হ’ল বিশ্বব্রহ্মাণ্ডৰ যিকোনাে দুটা বস্তু বা পদার্থ কণাৰ মাজৰ পৰম্পৰ আকর্ষণ। কিন্তু মাধ্যাকর্ষণ হ’ল কেৱল পৃথিৱীয়ে তাৰ ওপৰৰ সকলাে বস্তুকে আকর্ষণ।

প্রশ্ন : চাপৰ সংজ্ঞা আৰু একক লিখা।
উত্তৰ কোনাে পৃষ্ঠৰ একক ক্ষেত্রফলৰ ওপৰত প্রয়ােগ হােৱা হেঁচা বা বলকে চাপ বােলে। চাপৰ S.Iএকক নিউটন/’মিটাৰ (Nm-2)।

প্রশ্ন: আর্কিমিডছৰ সূত্ৰটো লিখা।
উত্তৰ : আর্কিমিডছৰ সূত্ৰটো হ’ল—বস্তু এটা তৰলত আংশিক বা সম্পূর্ণকৈ ডুবালে বস্ত্ৰটোরে হেৰােৱা ওজন ই অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।

প্রশ্ন: প্লাৱিতা মানে কি? বুজা?
উত্তৰ তৰলত নিমজ্জিত বস্তু এটাৰ ওপৰত তৰলে প্ৰয়ােগ কৰা উর্ধ্বমুখী বলকে তাৰ প্লাৱিতা বােলে।

প্রশ্ন: বিশ্ব ধ্রুবক ‘G’ ৰ SI একক কি ?
উত্তৰঃ G ৰ SI একক হ’ল Nm²kg ²

প্রশ্ন : Gৰ মান কোনে পৰীক্ষাৰে পােন প্রথমবাৰৰ বাবে নিৰ্ধাৰণ কৰিছিল?
উত্তৰ :হেনৰি কেভেণ্ডিছে।

প্রশ্ন: কেপলাৰৰ তৃতীয় সূত্ৰৰ লগত মহাকর্ষণ সূত্ৰৰ সম্পর্ক কি?
উত্তৰ: গ্রহ এটাৰ সূৰ্যৰ চাৰিওফালে কৰা প্রদক্ষিণ পর্যায়কালৰ বৰ্গ (T²), কক্ষপথৰ ব্যাসার্ধৰ ঘন (R³) ৰ সমানুপাতিক। অর্থাৎ, T²∞. R³
প্রশ্ন : মাধ্যাকর্ষণিক বৰণ আৰু মহাকর্ষণিক প্রৱকৰ মাজৰ সম্পর্ক কি?
উত্তৰ: মাধ্যাকর্ষণিক ত্বৰণ (g) আৰু মহাকাণক প্ৰৱক (G) ৰ মাজৰ সম্পর্ক হল—
g=GM/R²

প্রশ্ন : ‘g’ ৰ মানৰ পৰিৱৰ্তন ঠাইভেদে কিদৰে পৰিৱৰ্তন হয়?
উত্তৰ ঃ ‘g’ ৰ মান পৃথিৱী পৃষ্ঠৰ বিযুৱত আটাইতকৈ কম, মেৰুত বেছি, ভূগৰ্ভৰ ভিতৰত কম আৰু ভূ-পৃষ্ঠৰ ওপৰলৈ কম। পৃথিৱী কেন্দ্ৰত শূন্য।

প্রশ্ন : চন্দ্ৰত ‘g’ ৰ মান পৃথিৱীৰ তুলনাত কিমান?
উত্তৰ ; চন্দ্ৰত ‘g’ ৰ মান পৃথিৱীৰ তুলনাত ছয় ভাগৰ এভাগ ।

প্রশ্ন  ওজন কাক বােলে ?
উত্তৰঃ বস্তু এটাক মাধ্যাকর্ষণে যি বলেৰে টানে তাকে ওজন বােলে।

প্রশ্ন : ভৰৰ মান সকলােতে একে থাকেন?
উত্তৰ:হয়, ভৰৰ মান সকলােতে একে থাকে।

প্রশ্ন : মুক্তভাৱে অধােগামী বস্তু মাটি পােৱাৰ আগমুহূর্তত বেগ কেনেকুৱা হয়?
উত্তৰঃ মাটি পােৱাৰ আগমুহূর্তত রেগ সর্বোচ্চ হয়।

প্রশ্ন : হেলনীয়া স্তম্ভৰ পৰা গেলিলিঅই অধােগামী বস্তুৰ ক্ষেত্ৰত কি কৰিছিল?
উত্তৰ পাতল আৰু গধুৰ বস্তু দুয়ােটাই বায়ুৰ বাধা নাথাকিলে একে উচ্চতাৰ পৰা একে সময়তে মাটিত পৰে তাকে দেখুৱাইছিল।

প্রশ্ন : বস্তুৰ ভৰৰ লগত ওজনৰ সম্পৰ্ক কি ?
উত্তৰ: বস্তুৰ ভৰ যিমানে বাঢ়ে ওজনাে সিমানে বাড়ে।

প্রশ্ন : ওজনৰ একক আৰু ভৰৰ একক কি কি ?
উত্তৰঃ ওজনৰ একক নিউটন আৰু ভৰৰ একক কি গ্রাম।

প্রশ্ন: পাস্কেল কিহৰ একক?
উত্তৰ পাস্কেল চাপৰ একক।

প্রশ্ন : আর্কিমিডিছৰ সূত্ৰটো কি?

উত্তৰ পানী বা নিমজ্জিত বস্তুৰ হেৰােৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।
প্রশ্ন : পাস্কেলৰ সূত্ৰটো লিখা।

উত্তৰ কোনাে আবদ্ধ পাত্ৰৰ বেৰত প্ৰয়ােগ কৰা বল ই তৰলৰ মাজেৰে অপৰিবৰ্তনীয়ভাৱে চাৰিওফালে সঞ্চালিত হয়।
প্রশ্ন : আপেক্ষিক ঘনত্বৰ সংজ্ঞা লিখা।
উত্তৰঃ কোনাে বস্তুৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাতকে আপেক্ষিক ঘনত্ব বােলে।

প্রশ্ন: আপেক্ষিক ঘনত্বৰ একক কি?
উত্তৰঃ আপেক্ষিক ঘনত্বৰ একক নাই।

প্রশ্ন : বস্তু এটা তৰলত ডুব যােব এটা চৰ্ত লিখা।
উত্তৰ বস্তু এটাৰ ঘনত্ব যদি তাক ডুবাই দিয়া তৰলটোৰ ঘনত্বতকৈ বেছি হয়, তেতিয়া বস্তুটো সেই তৰলত ডুব যায়।

প্রশ্ন : শুদ্ধ উত্তৰটো বাছি উলিওৱা ?
(i) বৃত্তাকাৰ পথত ঘূৰাই ৰখা বস্তু এটাই তলৰ কোনবিধ বলৰ দ্বাৰা প্ৰভাৱান্বিত নহয় ?
(a) অভিকেন্দ্রিক বল (b) অপকেন্দ্রিক বল (c) ৰৈখিক বল (d)মহাকর্ষণিক বল।
উত্তৰ: (d)মহাকর্ষণিক বল।
(ii) চন্দ্ৰৰ ভৰ কম তথাপি পৃথিৱীৰ দ্বাৰা মহা আকৰ্ষণৰ দ্বাৰা ই পৃথিৱীৰ ফালে গতিশীল নহয়। ইয়াৰ কাৰণ হ’ল—
(a) চন্দ্ৰৰ ভৰ কম বাবে ইয়াৰ ত্বৰণৰ মান নগণ্য।
(b) নিউটনৰ তৃতীয় সূত্রমতে দুয়াে দুয়ােৰে ওপৰত প্ৰয়ােগ কৰা মহাকর্ষণ বল সমান। আৰু বিপৰীতমুখী।
(c) পৃথিবীয়ে ইয়াক কৰা আকর্ষণ বল ইয়াক নিজৰ ফালে টানি আনিব পৰা জোখৰ নহয়।
(d) ওপৰৰ এটাও নহয়।
উত্তৰ ? (b) নিউটনৰ তৃতীয় সূত্রমতে দুয়াে দুয়ােৰে ওপৰত প্ৰয়ােগ কৰা মহাকর্ষণ বল সমান আৰু বিপৰীতমুখী।

প্রশ্ন ; তােমাৰ হাতত কপাহৰ মােন এটা আৰু লােৰ দণ্ড এড়াল আছে। ওজন। জোখা যন্ত্রত প্রত্যেকৰে ভৰ 100kg পােৱা গ’ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধূৰ। কোনটো বেছি গধূৰ আৰু সি কিয় বেছি গধূৰ ক’ব পাৰিবানে?
উত্তৰঃ কপাহৰ মােনাৰ ভৰ লােৰ মােনাৰ ভৰতকৈ বেছি হ’ব। কাৰণ কপাহৰ বেগৰ ওজন যদিও লােৰ বেগৰ ওজনৰ সমান (100 কি.গ্রাম), কপাহৰ বেগৰ আয়তন বেছি। গতিকে ইয়াৰ ওপৰত বায়ুৰ প্লাৱিতাৰ মান বেছি। ফলত ইয়াৰ প্ৰকৃত ওজনতকৈ কম হৈছে। গতিকে কপাহৰ মােনাৰ প্রকৃত ওজন লােৰ মােনাতকৈ বেছি।

প্রশ্ন : আর্কিমিডিছৰ সূত্ৰৰ দুটা প্রয়ােগ উল্লেখ কৰা। তলত নিমজ্জিত বস্তুৰ ওপৰত প্লাৱিতা বলে কোন দিশত ক্রিয়া কৰে?

উত্তৰ : আর্কিমিডিছৰ সূত্ৰৰ দুটা প্রয়ােগ হ’ল—
(i) জাহাজ আৰু চাবমেৰিণৰ ডিজাইন প্রস্তুত কৰাত।
(ii) তৰলৰ ঘনত্ব নির্ণয়ৰ বাবে ব্যৱহাৰ কৰা হাইড্ৰ’মিটাৰ প্রস্তুতি।
তৰল নিমজ্জিত বস্তুৰ ওপৰত প্লাৱিতাই উর্ধ্বমুখে ক্রিয়া কৰে।

প্রশ্ন ; বস্তু এটা পানীৰ পৃষ্ঠত থলে ই ওপঙা বা ডুবাৰ কাৰণ কি?
উত্তৰ:বস্তু এটা পানীত ওপঙা বা ডুবাৰ কাৰণ হ’ল বস্তুটোৰ যদি ঘনত্ব পানীৰ ঘনত্বতকৈ কম হয়, তেতিয়া বস্তুটো পানীত ওপঙে। আনহাতে যদি বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হয়, তেন্তে বস্তুটো পানীত ডুব যায়।

Scroll to Top

Enter Your Contact Details To Download the PDF

    This form uses Akismet to reduce spam. Learn how your data is processed.

    REGISTER NOW

    👉 (Limited Seats Available) 👈

    Thank You For Registering !

    Our Team Will Reach You Soon