class 9 science assamese medium chapter 4

আমি অসুস্থ হওঁ কিয় - অধ্যায় ১৩

Class 11 assamese medium science chapter ১৩: নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, EduAid য়ে তোমালোকৰ বাবে বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ প্ৰশ্নৱালী সমূহৰ সমাধান প্ৰস্তুত কৰি উলিয়াইছে। আশা কৰো তোমালালোক ইয়াৰ দ্ৱাৰা উপকৃত হ’বা ।
Subject matter experts of EduAid has ardently given all the efforts to prepare the solutions fo you. You can navigate through these solutions using the table of content given below. 

In this article, we have brought the solutions for the first chapter of your Science text book. The first chapter of Science for class 11  in Assamese is : অনু আৰু পৰমাণু।

পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন : সুস্বাস্থ্যৰ বাবে প্রয়ােজনীয় যিকোনাে দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ সুস্বাস্থ্যৰ বাবে প্রয়ােজনীয় দুটা ব্যৱস্থা হ’ল-
(ক) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা।
(খ) সামাজিক সমতা আৰু ঐক্য।

প্রশ্ন: ৰােগৰ পৰা পৰিত্ৰাণ পাবলৈ প্রয়ােজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰ: ৰােগৰ পৰা পৰিত্ৰাণ পাবলৈ প্রয়ােজনীয় দুটা ব্যৱস্থা হ’ল—
(ক) ব্যক্তিগত-পৰিষ্কাৰ-পৰিচ্ছন্নতা।
(খ) সুষম আহাৰ গ্রহণ।

প্রশ্ন : ওপৰৰ দুয়ােটা প্রশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ ? আৰু কিয়?
উত্তৰ: ওপৰৰ দুয়ােটা প্রশ্নৰ উত্তৰ একেধৰণৰ নহয়। কাৰণ সুস্বাস্থ্যৰ লগত সামাজিক পৰিবেশটো জড়িত হৈ থাকে। কিন্তু নিজক ৰােগমুক্ত কৰিবলৈ ব্যক্তি এজনৰ ব্যক্তিগত প্রচেষ্টা আৰু সজ অভ্যাসৰ প্ৰয়ােজন হয়। তেনেদৰে নিজকে ৰােগমুক্ত কৰি ৰাখিও ব্যক্তিজনে সামাজিক পৰিবেশটোৰ কাৰণে সুস্বাস্থ্যৰ অধিকাৰী নহবও পাৰে।

প্রশ্ন: যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্টৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্র এটা তেতিয়া ডাক্টৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা?
উত্তৰঃ ডাক্টৰৰ ওচৰলৈ যাবলগীয়া তিনিটা সাম্ভাব্য কাৰণ
(i) জ্বৰ (ii) মূৰৰ বিষ (iii) আভােক
ইয়াৰ মাত্ৰ এটা কাৰণাে যদি থাকে, তথাপি ডাক্টৰৰ ওচৰলৈ যােৱাটো প্রয়ােজনীয়। কাৰণ এটা উপসর্গই বহুকেইটা ৰােগৰে সাধাৰণ উপসর্গ হ’ব পাৰে। এনে উপসর্গই ডাক্টৰৰ পৰামর্শ লােৱা উচিত। কোনাে কলা বা অংগৰ বিসংগতিকে প্রকাশ কৰা হেতু, তাৰ চিকিৎসাৰ বাবে ডাক্টৰৰ ওচৰলৈ যাব লাগে

প্রশ্ন : তলৰ কোনটো ৰােগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে? কিয় ?
(i) যদি তুমি জন্দিচত ভােগা।
(ii) যদি তােমাৰ ওকনি হয়।
(iii) যদি তােমাৰ শালমইনা হয়।
উত্তৰ : প্রশ্নত দিয়া প্রথম বিকল্পটিৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কাৰণ জন্দিচ ৰােগ হলে যকৃতৰ ক্ষতিসাধন হয় আৰু শৰীৰ ক্ৰিয়াত প্ৰভাৱ পৰে। যাৰ ফলত আক্রান্ত ব্যক্তিজনৰ ওজন হ্রাস পাব পাৰে আৰু সুস্থ হৈ উঠাৰ পাছতাে বহুদিনলৈ দুর্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে।

প্রশ্ন : আমি অসুস্থ হলে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামর্শ দিয়া হয় ?
উত্তৰ: আমাৰ শৰীৰৰ অসংক্রাম্য তন্ত্ৰৰ বিফলতাৰ বাবে শৰীৰত সংক্রামক ৰােগৰ তীব্রতা বাঢ়ে। আনহাতে অসংক্রাম্য তন্ত্ৰটো ঠিকমতে চলি থাকিবলৈ আমাক উপযুক্ত খাদ্যৰ দৰকাৰ হয়। সেয়ে আমি অসুস্থ হলে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামর্শ দিয়া হয়।

প্রশ্ন :  কি কি প্রক্রিয়াৰ দ্বাৰা সংক্রামক ৰােগসমূহ সঞ্চাৰিত হয় ?
উত্তৰ: সংক্রামক ৰােগসমূহ সঞ্চাৰিত হােৱাৰ বিভিন্ন উপায়সমূহ হ’ল-
(ক) বায়ুৰ দ্বাৰা। যেনে- যক্ষ্মা, পানী লগা।
(খ) পানীৰ দ্বাৰা। যেনে-কলেৰা।
(গ) প্রাণীৰ দ্বাৰা। যেনে— মহৰ দ্বাৰা বিয়পা মেলেৰিয়া।
(ঘ) যৌন সম্পর্কৰ দ্বাৰা যেনে— এইচ।

প্রশ্ন : তােমালােকৰ স্কুলত সংক্রামক ৰােগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্রহণ কৰিব পাৰা?
উত্তৰঃ স্কুলত সংক্রামক ৰােগ সঞ্চাৰিত নহ’বৰ বাবে তলত দিয়া ব্যৱস্থা সমূহ গ্রহণ কৰিব পাৰি-
(ক) শ্রেণীকোঠাত ছাত্র-ছাত্রীসমূহক আহল বহলকৈ বহিবলৈ দিয়াৰ ব্যৱস্থা, যাতে বায়ুৰ দ্বাৰা সঞ্চাৰিত হােৱা ৰােগ ইজনৰ পৰা সিজনৰ গালৈ যাব নােৱাৰে।
(খ) স্কুলত বিশুদ্ধ খােৱাপানীৰ ব্যৱস্থা কৰা।।
(গ) স্কুল চৌহদৰ পৰিবেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, যাতে ৰােগৰ বীজাণু কঢ়িওৱা মহে তাত বংশবৃদ্ধি কৰিব নােৱাৰে।

প্রশ্ন: অসংক্রামকৰণ কি?
উত্তৰ: যেতিয়া আমাৰ শৰীৰত সােমােৱা কোনাে অণুজীৱক অসংক্রাম্য তন্ত্রই প্রথমবাৰ ধৰা পেলায়, তেতিয়া এই তন্ত্রই এই অণুজীৱবিধক ধ্বংস কৰাৰ লগতে তাক বিশেষভাৱে মনতাে ৰাখে। সেয়ে পিছৰবাৰ সেই বিশেষ অণুজীৱবিধ শৰীৰত প্ৰৱেশ কৰিলে, আমাৰ অসংক্রাম্য তন্ত্রই তাৰ ওপৰত অধিক তীব্রতা সহকাৰে কাম কৰিব পাৰে। সেয়ে তেনে অণুজীৱৰ সংক্রমণ পিছৰবাৰ বেছি সােনকালে নাশ হয়। এই প্রক্রিয়াটোকে অসংক্রাম্যণ বােলা হয়।

প্রশ্ন: তোমালােকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্রত অসংক্রামকৰণৰ কি কি ব্যৱস্থা আছে? তােমালােকৰ অঞ্চলত কি কি ৰােগ মূল স্বাস্থ্য সমস্যা?
উত্তৰঃ আমাৰ অঞ্চলত থকা স্বাস্থ্য কেন্দ্র তলত দিয়া ব্যৱস্থাৰােৰ আছে-
(i) প্রতিৰােধক হিচাপে টিটেনাছ, ডিপথেৰিয়া, হােপিংকাহ, সৰু আই, পলিঅ’আদিৰ প্রতিষেধক।
(ii) গৰ্ভৱতী মহিলাৰ কাৰণে-টিটেনাছ, হেপাটাইটিছ বি প্রতিষেধক।
(iii) শিশুৰ বাবে- টিটেনাছ, হেপাটাইটিছ- এ, ডিপথেৰিয়া আদি।

প্রশ্ন: যােৱা বছৰ ধৰি তুমি কিমানবাৰ অসুস্থ হৈছা ? সেই বেমাৰবােৰ কি কি আছিল?
(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তােমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?
(b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হােৱাটো বিচৰা?
উত্তঃ ওপৰৰ প্রতিটো প্ৰশ্নৰ বাবে নিজে চেষ্টা কৰা।

প্রশ্ন: এজন চিকিৎসক / নার্চ / স্বাস্থ্যকর্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে৷ নিজকে তেওঁ কেনেকৈ ৰােগৰ পৰা পৰিহাৰ পাইছে?
উত্তৰঃ এজন চিকিৎসক/নার্চ স্বাস্থ্যকর্মীয়ে নিজকে তলত দিয়া কামৰ দ্বাৰা ৰােগৰ পৰা পৰিহাৰ পাইছে
(i) সংক্রামক ৰােগীৰ চিকিৎসাৰ সময়ত মুখত মাস্ক পিন্ধি লয় যাতে তেওঁলৈ সংক্রমিত হ’ব নােৱাৰে।

(ii) কটা-ছিঙা আদিৰ চিকিৎসাৰ সময়ত হাতমােজা পিন্ধি লয় আৰু পিছত হাত ভালদৰে চাফা কৰি লয়।
(iii) কোনাে সংক্রমণে দেখা দিলে অসংক্রাম্যতাৰ বাবে প্রতিষেধক গ্রহণ কৰে।
(iv) শৌচ-প্রস্রাৱ, তেজ আদি পৰীক্ষা কৰাৰ সময়ত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰে।

প্রশ্ন: এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নােৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-
(a) শিশুটো অসুস্থ হৈছে?
(b) কি কাৰণে অসুস্থ হৈছে?
উত্তৰঃ (a) তলত দিয়া ক্রিয়াবিধিৰ ওপৰত ভিত্তি কৰি শিশুটো অসুস্থ হৈছে বুলি ক’ব পাৰি-
(i) চকুৰ ৰং,
(ii) চকুৰ পৰা পানী ওলায় থকা,
(iii) সদায় কান্দি থকা,
(iv) শৰীৰৰ উষ্ণতা আদি।

(b) অসুস্থতাৰ কাৰণ তলত দিয়া মতে বুজিব পাৰি- অতিকৈ জ্বৰ, মাংসপেশীৰ বিষ, মেলেৰিয়া হােৱা বুলি অনুমান কৰা। চলা-ফুৰা কম কৰিলে পেটৰ বিষ, চকু ৰঙা হ’লে আইফ্লু, ছাল শেঁতা পৰিলে আৰু প্ৰস্ৰাৱ আৰু চকুৰ ৰং হালধীয়া হ’লে জন্দিচ হােৱা বুলি ক’ব পাৰি।

প্রশ্ন: তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-
(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰােগৰ পৰা আৰােগ্য হৈছে।
(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰােগৰ পৰা আৰােগ্য হৈ মাজু আইত ভােগা ৰােগীক পৰিচৰ্য্যা কৰে।
(c) মেলেৰিয়া ৰােগত আক্রান্ত ব্যক্তিয়ে আৰােগ্য হােৱাৰ পাছত চাৰিদিনৰ বাবে লঘােনে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰােগীক পৰিচৰ্য্যা কৰে।
উত্তৰঃ (c) মেলেৰিয়া ৰােগত আক্রান্ত ব্যক্তিয়ে আৰােগ্য হােৱাৰ পাছত চাৰিদিনৰ বাবে লঘােনে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰােগীক পৰিচৰ্য্যা কৰে।

প্রশ্ন: তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-
(a) যেতিয়া তুমি পৰীক্ষাৰকাৰণে বেছিকৈ অধ্যয়ন কৰা।
(b) যেতিয়া তুমি বাছআৰু ৰেলেৰে দুদিন একেৰাহে যাত্রা কৰা।
(c) যেতিয়া তােমাৰ সহপাঠী বন্ধু সৰু আই ৰােগত আক্রান্ত হয়। কিয় ?
উত্তৰঃ (c) তেতিয়া তােমাৰ সহপাঠী বন্ধু সৰু আই ৰােগত আক্রান্তহয়। কাৰণ, সৰু আইহল সংক্রামক ৰােগ। স্পর্শ নাইবা ৰােগীৰ ওচৰত অৱস্থান কৰিলে ই সংক্রমণ হ’ব পাৰে।

চমু প্রশ্নোত্তৰ

প্রশ্ন : ৰােগৰ উপসৰ্গৰ সংজ্ঞা দিয়া।
উত্তৰ: ৰােগৰ উপসর্গ হ’ল শৰীৰত হােৱা এনে কিছুমান অনুভৱ যিয়ে আমাৰ শৰীৰৰ ক্রিয়া-কলাপত জন্ম কোনাে ব্যাঘাতৰ উমান দিয়ে।

প্রশ্ন : একিউট ৰােগ কি?
উত্তৰঃ যিবিলাক ৰােগে অতি কম সময়ৰ বাবে শৰীৰত দেখা দিয়ে, তেনে ৰােগক একিউট ৰােগ বােলে।

প্রশ্ন :ক্রনিক ৰােগ কাক বােলে? 
উত্তৰঃ যিবিলাক গে দীর্ঘদিন ধৰি আনকি আজীৱন থাকে, তেনে ৰােগক ক্রনিক ৰােগ বােলে।

প্রশ্ন : একিউট ৰােগৰ এটা উদাহৰণ দিয়া।
উত্তর : একিউট ৰােগৰ এটা উদাহৰণ হ’ল— পানী লগা ।

প্রশ্ন : ক্রনিক ৰােগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ক্রনিক ৰােগৰ দুটা উদাহৰণ হ’ল— গােধ বেমাৰ জন্দিচ।

প্রশ্ন 7 একিউট আৰু ক্রনিক ৰােগৰ ভিতৰত কোনবিধ ৰােগৰ আমাৰ সাধাৰণ স্বাস্থ্যৰ ওপৰত দীর্ঘম্যাদী প্রভাৱ থাকে?
উত্তৰ: একিউট আৰু ক্রনিক ৰােগৰ ভিতৰত ক্রনিক ৰােগৰ আমাৰ সাধাৰণ স্বাস্থ্যৰ ওপৰত দীর্ঘম্যাদী প্রভার থাকে।

প্রশ্ন ৪ঃ ৰােগৰ কাৰণ বা কাক কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰ: ৰােগৰ কাৰণ বা কাৰক দুই প্রকাৰৰ। যেনে-
(i) তাৎক্ষণিক কাৰণ বা কাৰক
(ii) বৰঙণিমূলক কাৰণ বা কাৰক

প্রশ্ন : তাৎক্ষণিক কাৰণৰ প্ৰকাৰ কেইটা আৰু কি কি ?
উত্তৰঃ ৰােগৰ তাৎক্ষণিক কাৰণ দুই প্রকাৰৰ । সেয়া হল-
(i) সংক্রামক কাৰণ।
(ii) অসংক্রামক কাৰণ।

প্রশ্ন : সংক্রামক কাৰণ কাক বােলে?
উত্তৰ: ৰােগৰ তাৎক্ষণিক কাৰণ সংক্রামক অভিকর্তাসমূহ বা অণুজীৱসমূহ হলে, সেই কাৰণক সংক্রামক কাৰণ বােলে।

প্রশ্ন : অসংক্রামক কাৰণ কোনবােৰ ?
উত্তৰঃ ৰােগৰ তাৎক্ষণিক কাৰণ সংক্রামক অভিকর্তাসমূহ নহৈ কোনাে আভ্যন্তৰীণ বা অসংক্রামক ধৰণৰ হ’লে, তেনে তাৎক্ষণিক কাৰণক অসংক্রামক কাৰণ বােলে।

প্রশ্ন : সংক্রামক বােগ কাক বােলে ?
উত্তৰ : যিবিলাক বােগ সংক্রামক অভিকর্তা বা অণুজীৱৰ দ্বাৰা সৃষ্টি হয়, তেনে। ৰােগক সংক্রামক ৰােগ বােলে।

প্রশ্ন : অসংক্রামক ৰােগ কাক বােলে?
উত্তৰঃ যিবিলাক ৰােগ সংক্রামক অভিকর্তা বা অণুজীৱসমূহৰ দ্বাৰা সৃষ্টি নহয় আৰু তাৰ কাৰণ আভ্যন্তৰীণ আৰু অসংক্রামক, তেনে ৰােগক অসংক্রামক ৰােগ বােলে ?

প্রশ্ন: সংক্রামক ৰােগৰ চাৰিটা উদাহৰণ দিয়া।
উত্তৰ: সংক্রামক ৰােগৰ চাৰিটা উদাহৰণ হ’ল—পানী লগা জন্দিচ, কলেৰা, টাইফয়ড।

প্রশ্ন :  অসংক্রামক ৰােগৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰ: অসংক্রামক ৰােগৰ তিনিটা উদাহৰণ হ’ল— উচ্চ ৰক্তচাপ, কিছুমান কর্কট ৰােগ আৰু ডায়েবেটিছ।

প্রশ্ন : ৰােগৰ তিনিটা অসংক্রামক কাৰণৰ উদাহৰণ দিয়া।
উত্তৰ ৰােগৰ তিনিটা অসংক্রামক কাৰণৰ উদাহৰণ হ’ল-
(i) অতিৰিক্ত ওজন।
(ii) শৰীৰ চৰ্চাৰ অভাৱ।
(iii) আণুবংশিক বিসংগতি।

প্রশ্ন : সংক্রামক অভিকর্তা কাক বােলে ?
উত্তৰঃ যিবিলাক অণুজীৱ বা জীৱে বিভিন্ন সংক্রামক ৰােগৰ সৃষ্টি কৰে, তাক সংক্রামক অভিকর্তা বােলে।

প্রশ্ন:  সংক্রামক অভিকর্তাসমূহক কেইটা আৰু কি কি শ্রেণীত ভাগ কৰা হৈছে ?
উত্তৰঃ সংক্রামক অভিকর্তাসমূহক পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে। সেইবােৰ হ’ল— ভাইৰাছ, বেক্টেৰিয়া, প্রট’য’ৱা, ভেঁকুৰ আৰু কৃমি।

প্রশ্ন : সংক্রামক অভিকর্তাসমূহক পাঁচটা ভাগত শ্রেণীবিভাজন কৰাৰ উদ্দেশ্য কি?
উত্তৰঃ সংক্রামক অভিকর্তাসমূহক পাঁচটা ভাগত শ্রেণীবিভাজন কৰাৰ উদ্দেশ্য হল যাতে এই বিভাজনৰ ওপৰত ভিত্তি কৰি ইহঁতৰ বিৰুদ্ধে ঔষধ প্রস্তুত কৰিব পৰা যায়।
প্রশ্ন : ভাইৰাছৰ দ্বাৰা সৃষ্টি হােৱা চাৰিবিধ ৰােগৰ নাম লিখা।
উত্তৰ: ভাইৰাছৰ দ্বাৰা সৃষ্টি হােৱা চাৰিবিধ ৰােগৰ নাম হ’ল–পানী লগা, ইনফ্লুৱেঞ্জা, ডেংগু আৰু এইডচ।

প্রশ্ন : বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হােৱা চাৰিবিধ ৰােগৰ উদাহৰণ দিয়া।
উত্তৰঃ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হােৱা চাৰিবিধ ৰােগৰ উদাহৰণ হ’ল–কলে, টাইফয়ড যক্ষ্মা আৰু এনথ্রাক্স।

প্রশ্ন : প্ৰট’য’ৱা বা আদ্যপ্ৰাণীৰ দ্বাৰা সৃষ্টি হােৱা তিনিবিধ ৰােগৰ নাম লিখা।
উত্তৰ: প্ৰট য’ৱা বা আদ্যপ্ৰাণীৰ দ্বাৰা সৃষ্টি হােৱা তিনিবিধ ৰােগৰ নাম হ’ল— মেলেৰিয়া, কলাৰ আৰু এমিবীয় গ্রহণী।

প্রশ্ন: মেলেৰিয়া ৰােগৰ কাৰক প্ৰট’য’ৱা বিধৰ নাম কি ?
উত্তৰঃ মেলেৰিয়া ৰােগৰ কাৰক প্ৰট’য’ৱা বিধৰ নাম হ’ল— প্লাজমডিয়াম।

প্রশ্ন : মেলেৰিয়া ৰোেগ বিয়পােৱা বাহক বিধ কি?
উত্তৰঃ মেলেৰিয়া ৰােগ বিয়পােৱা বাহকবিধ হ’ল— মাইকী এনােফিলিচ মহ।

প্রশ্ন : ভেঁকুৰৰ দ্বাৰা সৃষ্টি হােৱা ৰােগৰ উদাহৰণ দিয়া।
উত্তৰ: ভেঁকুৰৰ দ্বাৰা সৃষ্টি হােৱা ৰােগৰ উদাহৰণ হ’ল বিভিন্ন ধৰণৰ চৰ্ম ৰােগ।

প্রশ্ন : কৃমিৰ দ্বাৰা সৃষ্টি হােৱা ৰােগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ কৃমিৰ দ্বাৰা সৃষ্টি হােৱা ৰােগৰ দুটা উদাহৰণ হ’ল— গােধ বেমাৰ আৰু অন্ত্ৰৰ সংক্রমণ।

প্রশ্ন : এন্টিবায়টিক কি?
উত্তরঃ এন্টিবায়টিক হ’ল এক বিশেষ ধৰণৰ ঔষধ যিয়ে বেক্টেৰিয়াৰ বিভিন্ন জীৱন- প্রক্রিয়াত বাধা প্রদান কৰি সিহঁতক ধ্বংস কৰে।

প্রশ্ন: সঞ্চাৰণক্ষম ৰােগ কাক বােলে?
উত্তৰঃ যিবিলাক ৰােগ অণুজীৱসমূহৰ সঞ্চাৰণৰ ফলত আক্রান্ত ব্যক্তিৰপৰা আন এজন সুস্থ ব্যক্তিৰ শৰীৰলৈ বিয়পে, তেনে ৰােগৰ সঞ্চাৰণক্ষম ৰােগ বােলে।

প্রশ্ন : সঞ্চাৰণক্ষম ৰােগ বিয়পাৰ বিভিন্ন উপায়বােৰ কি?
উত্তৰঃ সঞ্চাৰণক্ষম ৰােগ বিয়পাৰ বিভিন্ন উপায়বােৰ হ’ল— বায়ুৰ দ্বাৰা, পানীৰ দ্বাৰা, যৌন সম্পর্কৰ আৰু প্রাণী বা বাহকৰ দ্বাৰা।

প্রশ্ন : বায়ুৰ দ্বাৰা বিয়পা তিনিবিধ ৰােগৰ নাম লিখা।
উত্তৰঃ বায়ুৰ দ্বাৰা বিয়পা তিনিবিধ ৰােগৰ নাম হ’ল—পানী লগা, নিউমনিয়া আৰু যক্ষ্মা।

প্রশ্ন : পানীৰ দ্বাৰা বিয়পিৰপৰা দুবিধ ৰােগৰ উদাহৰণ দিয়া।
উত্তৰঃ পানীৰ দ্বাৰা বিয়পিব পৰা দুবিধ ৰােগৰ উদাহৰণ হ’ল–কলেৰা আৰুটাইফয়েড।

প্রশ্ন : যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা দুবিধ ৰােগৰ উদাহৰণ দিয়া।
উত্তৰঃ যৌন সম্পর্কৰ দ্বাৰা বিয়পা দুবিধ ৰােগৰ উদাহৰণ হ’ল ছিফিলিছ আৰু এইডচ।

প্রশ্ন: প্রাণী বা বাহকৰ দ্বাৰা বিয়পা তিনিধি ৰােগৰ নাম লিখা।
উত্তৰঃ প্রাণী বা বাহকৰ দ্বাৰা বিয়পা তিনিবিধ ৰােগৰ নাম হ’ল— মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু।

প্রশ্ন : কলা বা অংগকেন্দ্রিক প্ৰভাৱ কি?
উত্তৰ:  কিছুমান ৰােগ সৃষ্টিকাৰী অণুজীৱে শৰীৰত প্ৰৱেশ কৰি কিছুমান নির্দিষ্ট কলা। বা অংগকহে আক্রমণ কৰে। তাৰ ফলত উক্ত কলা বা অংগৰ স্বাভাৱিক ক্রিয়াকলাপৰ বিসংগতিয়ে তেনে কলা বা অংগসমূহত কিছুমান উপসৰ্গৰ সৃষ্টি কৰে। ইয়াকে কলা বা অংগকেন্দ্রিক প্ৰভাৱ বােলে।

প্রশ্ন: ৰােগৰ সাধাৰণ প্ৰভাৱ কাক বােলে ?
উত্তৰ: কোনাে ৰােগ সৃষ্টিকাৰী অণুজীৱে শৰীৰত প্ৰৱেশ কৰিলে আমাৰ শৰীৰৰ সক্রিয় হৈ উঠা অসংক্রাম্য তন্ত্রই তেনে অণুজীৱসমূহক ধ্বংস কৰাৰ বাবে কিছুমান বিশেষ। কোষক নিয়ােজিত কৰে।এই প্রক্রিয়াৰ ফলত শৰীৰত দেখা দিয়া প্ৰভাৱসমূহকে সাধাৰণ
প্রভাৱ বােলে।

প্রশ্ন : মেলেৰিয়া ৰােগ সৃষ্টিকাৰী প্ৰট’য’ৱাৰিধে কেনেদৰে মানুহৰ শৰীৰত প্রৱেশ কৰে? ইহঁতে মানুহৰ শৰীৰৰ কোনটো অংগ আৰু কলাক আক্রমণ কৰে ?
উত্তৰঃ মেলেৰিয়া ৰােগ সৃষ্টিকাৰী প্ৰট’যবিধে মানুহৰ শৰীৰত মহৰ কামােৰৰ দ্বাৰা প্রৱেশ কৰে। ইহঁতে মানুহৰ শৰীৰৰ যকৃতক আক্রমণ কৰি পিছত তে জত থকা লােহিত ৰক্তকণিকাসমূহক আক্রমণ কৰে।

প্রশ্ন: জাপানীজ এনকেফেলাইটিছ ৰােগৰ কাৰক অণুজীৱবিধ কোনটো শ্ৰেণীৰ? এই অণুজীৱবিধে মানুহৰ শৰীৰত কিদৰে প্ৰৱেশ কৰে? ইহঁতে শৰীৰৰ কোনটো অংগক আক্রমণ কৰে?
উত্তৰঃ জাপানীজ এনকেফেলাইটিছ ৰােগৰ কাৰক অণুজীৱবিধ ভাইৰাছ শ্রেণীৰ। এই অণুজীৱ বিধে মহৰ কামােৰৰ দ্বাৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰে। জাপানীজ এনকেফেলাইটিছ ৰােগৰ ভাইৰাছবিধে মগজুক আক্রমণ কৰে।

প্রশ্ন:  ৰােগ সৃষ্টিকাৰী অণুজীৱৰ প্ৰতি উন্মুক্তকৰণৰ নিৰাৰণৰ বাবে লব লগা তিনিটা নীতি উল্লেখ কৰা।
উত্তৰ:  ৰােগ সৃষ্টিকাৰী অণুজীৱৰ প্ৰতি উন্মুক্তকৰণৰ নিবাৰণৰ বাবে ল’ব লগা তিনিটা নীতি হ’ল— (ক) থকা ঠাই অতিপাত ভিযুক্ত কৰি নৰখা।
(খ) পৰিষ্কাৰ বীজাণুমুক্ত খােৱাপানীৰ ব্যৱস্থা।
(গ) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্ন।

প্রশ্ন : অসংক্রামক ৰােগ কাক বােলে? দুটা উদাহৰণ দিয়া।
উত্তৰঃ যিবিলাক ৰােগৰ সৃষ্টি সংক্রামক অভিকর্তাৰ দ্বাৰা নহয়, তেনে ৰােগক অসংক্রামক ৰােগ বােলে। যেনে- আনুবংশিক বিসংগতিৰ বাবে হােৱা কিছুমান কর্কট ৰােগ, অত্যধিক ওজন আৰু শৰীৰ চৰ্চাৰ অভাৱত হােৱা উচ্চ ৰক্তচাপ।

প্রশ্ন : অসংক্রামকৰণৰ নীতিটো কি?
উত্তৰ: যেতিয়া আমাৰ শৰীৰত সােমােৱা কোনাে অণুজীৱক আমাৰ অসংক্রাম্য তন্ত্রই প্রথমবাৰ ধৰা পেলায়, তেতিয়া এইতন্ত্রই এইঅণুজীৱবিধক ধ্বংসৰ লগতে তাকবিশেষভাৱে মনতাে ৰাখে। সেয়ে পিছৰ সেইবিশেষ অণুজীৱবিধ শৰীৰত প্ৰৱেশ কৰিলে আমাৰ অসংক্রাম্যই তাৰ ওপৰত অধিক তীব্রতা সহকাৰে কাম কৰিব পাৰে। সেয়ে তেনে অণুজীৱৰ সংক্রমণ পিছৰৰ বেছি সােনকালে নাশ হয়। ইয়েই অসংক্রামকৰণৰ নীতি।

প্রশ্ন : ৰােগ প্ৰতিৰােধী প্রক্রিয়া কি?
উত্তৰ: আমাৰ সক্রিয় অসংক্রাম্য তন্ত্রই কিছুমান কোয়ৰ সৃষ্টি কৰি সিহঁতক আক্রান্ত কলাত ৰােগ সৃষ্টিকাৰী অণুজীৱসমূহক ধ্বংস কৰা কামত নিয়ােজিত কৰে। এই প্রক্রিয়াকে ৰােগ প্ৰতিৰােধী প্রক্রিয়া বােলে।

প্রশ্নঃ সংক্রামক ৰােগৰ চিকিৎসাৰ তিনিটা সীমাবদ্ধতা কি কি? বা,ৰােগ নির্মূলতকৈ ৰােগ নিবাৰণহে বেছি ফলপ্রসূ’ বুলি কিয় কোৱা হয়?
উত্তৰ: সংক্রামক ৰােগৰ চিকিৎসাৰ তিনিটা সীমাবদ্ধতা হ’ল,
(i) কোনাে ব্যক্তি সংক্রামক ৰােগৰ দ্বাৰা আক্রান্ত হলে, তেওঁৰ শৰীৰ ক্ৰিয়াৰ ক্ষতিসাধন হয়, যাক কেতিয়াবা পুনৰাই ঘূৰাই আনিব পৰা নাযায়।
(i) কিছুমান ৰােগৰ চিকিৎসাই দীঘলীয়া সময় লয়। সেয়ে উন্নত চিকিৎসা পালেও ৰােগীজনে সােনকালে সুস্থ হৈ নুঠে আৰু দীর্ঘদিনলৈ শয্যাগত হৈ থাকিব লগা হয়।
(ii) সংক্রামক ৰােগত আক্রান্ত ব্যক্তিজনৰ পৰা সহজেই এই ৰােগ আন সুস্থ ব্যক্তিলৈ বিয়পিব পাৰে।
এইবােৰ কাৰণতেই ‘ৰােগ নির্মূলতকৈ ৰােগ নিবাৰণহে বেছি ফলপ্রসূ বুলি কোৱা হয়।

প্রশ্ন:  ৰােগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত নিবাৰণৰ দুটা নীতি বা পদ্ধতি উল্লেখ কৰা।
উত্তৰ: ৰােগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত দুটা নীতি হল—
(ক) ৰােগ সৃষ্টিকাৰী অণুজীৱৰ প্রতি উন্মুক্তকৰণৰ নিবাৰণ অর্থাৎ ৰাজহুৱা পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ দ্বাৰা ৰােগ সৃষ্টিকাৰী অণুজীৱসমূহক আমাৰ পৰা আঁতৰাই ৰখা।
(খ) সকলােৰে বাবে উপযুক্ত আৰু পর্যাপ্ত খাদ্যৰ ব্যৱস্থা।

প্রশ্ন : আমাৰ ব্যক্তিগত স্বাস্থ্যৰ লগত সামাজিক পৰিবেশৰ সম্পর্ক কি? উদাহৰণ দিয়া।
উত্তৰ:  আমাৰ ব্যক্তিগত স্বাস্থ্যৰ লগত সামাজিক পৰিবেশৰ এক এৰাব নােৱাৰা সম্পর্ক আছে। সামাজিক পৰিবেশে আমাৰ ব্যক্তিগত স্বাস্থ্যৰ ওপৰত তলত দিয়া ধৰণে প্রভাৱ পেলায়।।
(ক) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতাই ব্যক্তিস্বাস্থ্যৰ উন্নতি ঘটায়।
(খ) ভাল অর্থনৈতিক অৱস্থা আৰু কর্মসংস্থানৰ ব্যৱস্থাই ব্যক্তিস্বাস্থ্যৰ উন্নতিত অৰিহণা যোগায়।
(গ) সামাজিক সমতা আৰু ঐক্য ব্যক্তিস্বাস্থ্যৰ বাবে একান্ত প্রয়ােজনীয়।

প্রশ্ন : ৰােগৰ মিয়াদৰ ওপৰত নিৰ্ভৰ কৰি ৰােগৰ প্ৰকাৰসমূহ কি কি? প্রত্যেকৰে সংজ্ঞা লিখি একোটাকৈ উদাহৰণ দিয়া।
উত্তৰ:  ৰােগৰ মিয়াদৰ ওপৰ নিৰ্ভৰ কৰি ৰােগৰ প্ৰকাৰ দুটা হ’ল- একিউট ৰােগ আৰু ক্রনিক ৰােগ।

(ক) একিউট ৰােগ : যিবিলাক ৰােগ অতি কম সময়ৰ বাবে শৰীৰত দেখা দিয়ে, তেনে ৰােগক একিউট ৰােগ বােলে। যেনেঃ পানী লগা

(খ) ক্রনিক ৰােগ : যিবিলাক ৰােগ দীর্ঘদিন ধৰি আনকি আজীৱন থাকে, তেনে ৰােগক ক্রনিক ৰােগ বােলে। যেনেঃ গােধ বেমাৰ।

প্রশ্ন :  একিউট ৰােগ আৰু ক্রনিক ৰােগৰ দুটা পার্থক্য লিখা।
উত্তৰঃ একিউট ৰােগ আৰু ক্রনিক ৰােগৰ দুটা পার্থক্য হল—
(ক). একিউট ৰােগ অতি কমসময়ৰ বাবে থাকে, কিন্তু ক্রনিক ৰােগ দীর্ঘদিন ধৰি আনকি আজীৱন থাকে।
(খ) একিউট ৰােগৰ কোনাে দীর্ঘম্যাদী প্রভার নাথাকে, কিন্তু ক্রনিক ৰােগে আমাৰ শৰীৰত দীর্ঘম্যাদী প্ৰভাৱ পেলায়।

প্রশ্ন : বাহক কাক বােলে?
উত্তৰঃ যিবিলাক প্রাণীৰ দ্বাৰা কোনাে ৰােগ সৃষ্টিকাৰী অণুজীৱ এজন, আক্রান্ত ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ বিয়পে, তেনে প্রাণীক বাহক বােলে। যেনেঃ মহ, পইতাচোৰা, এন্দুৰ আদি।

প্রশ্ন :  এন্টিবায়টিকে কেনেদৰে বেক্টেৰিয়া ধ্বংস কবে?
উত্তৰ: এন্টিবায়টিক হ’ল এনে এবিধ ঔষধ যিয়ে বেক্টেৰিয়াৰ জৈৱৰাসায়নিক প্রক্রিয়াসমূহত বাধা দি সিহঁতক ধ্বংস কৰে। বেক্টেৰিয়াই সুৰক্ষাৰ বাবে এখন কোষবেৰ গঠন কৰে। পেনিচিলিন নামৰ এন্টিবায়টিকবিধে বেক্টেৰিয়াৰ কোষবেৰ গঠন প্রক্রিয়াত বাধা দি ইহঁতক মাৰি পেলায়।

প্রশ্ন:  সংক্রামক ৰােগৰ শৰীৰত কি কি ধৰণৰ প্ৰভাৱ থাকিব পাৰে বুজাই লিখা।
উত্তৰ:  শৰীৰত সংক্রামক ৰােগৰ দুই ধৰণৰ প্ৰভাৱ থাকিব পাৰে। যেনে—
(ক) অংগ বা কলকেন্দ্রিক প্রভাৱ ৰােগ সৃষ্টিকাৰী অণুজীৱসমূহে শৰীৰৰ কিছুমান নির্দিষ্ট অংগ বা কলাকহে আক্রমণ কৰে। সেয়ে তেনে আক্রান্ত অংগ বা কলাসমূহে কিছুমান বিসংগতি প্রদর্শন কৰে, যাৰ ফলত শৰীৰৰ কেতবােৰ নির্দিষ্ট অংশত ৰােগৰ
উপসর্গসমূহে দেখা দিয়ে।
(খ) সাধাৰণ প্ৰভাৱ ৰােগৰ অণুজীৱৰ বিৰুদ্ধে আমাৰ শৰীৰৰ অসংক্রাম্য তন্ত্ৰটো সক্রিয় হৈ উঠাৰ ফলত কেতবােৰ সাধাৰণ প্ৰভাৱ পৰিলক্ষিত হয়। যেনে— শৰীৰৰ সাধাৰণ প্ৰভাৱ। কোনাে অংশ ফুলি উঠা, বিষৰ সৃষ্টি হােৱা আদি স্থানীয় প্রভাৱ আৰু জ্বৰ উঠাৰ দৰে

প্রশ্ন : অসংক্রাম্যকৰণ কি?
উত্তৰ : আমাৰ শৰীৰত প্ৰৱেশ কৰা কোনাে ৰােগ সৃষ্টিকাৰী অণুজীৱৰ আমাৰ অসংক্রাম) তন্ত্রই বিশেষভাৱে মনত ৰাখি দ্বিতীয়বাৰ তেনে অণুজীৱ শৰীৰত প্ৰৱেশ কৰিলে তাৰ ওপৰত বিশেষ দক্ষতাৰে কাম কৰিব পাৰে। ফলত দ্বিতীয়বাৰ এই অণুজীৱৰ আক্ৰমণৰ
ফলত ৰাখি ৰােগাক্রান্ত নহওঁ। ইয়াকে অসংক্রাম্যৰণ বােলে।

প্রশ্ন: ছিটাকৰণ বুলিলে কি বুজা?
উত্তৰ: ছিটাকৰণ ব্যৱস্থা হ’ল এক কৃত্রিম অসংক্রামকৰণ ব্যৱস্থা যত কোনাে এক নির্দিষ্ট ৰােগৰ কাৰক অণুজীৱৰ সক্রিয় বা নিষ্ক্রিয় অৱস্থাত কিছু অংশ বা তেনে অণুজীৱৰ কোষস্থ ৰাসায়নিক পদার্থৰ তাকৰীয়া পৰিমাণ সুস্থ ব্যক্তি এজনৰ শৰীৰত কৃত্রিমভাৱে
প্রৱেশ কৰােৱা হয়। ইয়াৰ ফলত ব্যক্তিজনে উক্ত অণুজীৱৰ সংক্ৰমণৰ পৰা ভৱিষ্যতে ৰােগাক্রান্ত নােহােৱাকৈ থাকে।

প্রশ্ন:  সংক্রামক ৰােগ সৃষ্টিকাৰী সংক্রামক অভিকর্তাৰ শ্রেণীসমূহ কি কি? প্রত্যেকে সৃষ্টি কৰা সংক্রামক ৰােগৰ উদাহৰণ দিয়া।
উত্তৰ:  সংক্রামক ৰােগ সৃষ্টিকাৰী সংক্রামক অভিকর্তাসমূহক পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে । যেনে-
(i) ভাইৰাছ ও পানীলগা, জণ্ডিছ, এই চ আদি ৰােগ সৃষ্টি কৰে।
(ii) বেক্টেৰিয়া ও কলেৰা, টাইফয়ড, যক্ষ্মা আদি ৰােগ সৃষ্টি কৰে।
(iii) ভেঁকুৰ ঃ চর্মৰােগ সৃষ্টি কৰে।
(iv) প্রট ‘য’ৱাঃ মেলেৰিয়া, কলাজ্বৰ আদি ৰােগ সৃষ্টি কৰে।
(v) কৃমি ও গােধ মােৰ সৃষ্টি কৰে।

প্রশ্ন: ৰােগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত নীতি উল্লেখ কৰা।
উত্তৰ : ৰােগ নিবাৰণৰ সাধাৰণ পদ্ধতিৰ অন্তৰ্গত নীতি হ’ল-
(i) ৰােগ সৃষ্টিকাৰী অণুজীৱৰ প্ৰতি উন্মুক্তকৰণৰ নিবাৰণ।।
(ii) সকলােৰে বাবে উপযুক্ত আৰু পর্যাপ্ত খাদ্যৰ যােগান।

প্রশ্ন :  সঞ্চাৰণক্ষম ৰােগ কাক বােলে? এনে ৰােগৰ সঞ্চাৰণৰ চাৰিটা উপায় উল্লেখ কৰা।
উত্তৰঃ যিবিলাক ৰােগ অণুজীৱসমূহৰ সঞ্চাৰণৰ ফলত এজন আক্রান্ত ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ বিয়পে, তেনে ৰােগক সঞ্চাৰণক্ষম ৰােগ বােলে। এনে ৰােগসমূহৰ সাৰণৰ চাৰিটা উপায় হল—
(i) বায়ুৰ দ্বাৰা। যেনেঃ পানী লগা, যক্ষ্মা।
(ii) পানীৰ দ্বাৰা। যেনে ? কলে।
(iii) প্রাণীৰ দ্বাৰা। যেনে মেলেৰিয়া। (iv) যৌন সম্পর্কৰ দ্বাৰা। যেনেঃ এইড়চ।

প্রশ্ন : সংক্রামক অভিকর্তা কাক বােলে? ইহঁত কেইপ্রকাৰৰ আৰু কি কি ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যিবােৰ অণুজীৱ বা জীৱে আমাৰ শৰীৰত বিভিন্ন সংক্রামক ৰােগৰ সৃষ্টি কৰে, তাক সংক্রামক অভিকর্তা বােলে। সংক্রামক অভিকর্তাসমূহক পাঁচটা গােষ্ঠীত বিভক্ত কৰা হৈছে। সেইবােৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
(ক) ভাইৰাছ : ই এবিধ ৰােগসৃষ্টিকাৰী অণুজীৱ। ই আন অণুজীৱসমূহৰ তুলনাত পৃথক চাৰিত্রিক বৈশিষ্ট্যযুক্ত হয়। কাৰণ বাহিৰৰ পৰিৱেশত ভাইৰাছৰ কোনাে কোৱৰণ নাথাকে আৰু ই জীৱৰ কোনাে বৈশিষ্ট্য নেদেখুৱায়। কিন্তু আন জীৱৰ দেহৰ ভিতৰত প্রৱেশ কৰিইজীৱিত ৰূপ পায় আৰু পােষক জীৱটোৰ ব্যক্তিগত জীৱন-প্রক্রিয়াৰ কৌশলসমূহ ব্যৱহাৰ কৰি বংশবৃদ্ধি কৰে। সেয়ে ভাইৰাছ প্ৰতিৰােধী ঔষধ প্রস্তুতকৰণৰ এটা গুৰুতৰ সমস্যা, কাৰণ এনে ঔষধে পােষক জীৱটোৰ জীৱন-প্রক্রিয়াতে প্রভাৱ পেলায়। ভাইৰাছৰ দ্বাৰা সৃষ্টি হােৱা কেইটামান ৰােগ হ’ল— পানী লগা, ইনফ্লুৱেঞ্জা, ডেংগু, জন্দিচ, এইডচ আদি।

(খ) বেক্টেৰিয়াঃ ই এবিধ ৰােগ সৃষ্টিকাৰী এককোষী আৰু প্রকোষকেন্দ্রীয় অণুজীৱ। ই মনেৰা ৰাজ্যৰ অন্তৰ্গত। বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হােৱা ৰােগৰ উদাহৰণ হ’ল— কলেৰা, টাইফয়ড, যক্ষ্মা, এনথ্রাক্স আদি।

Scroll to Top

Enter Your Contact Details To Download the PDF

    This form uses Akismet to reduce spam. Learn how your data is processed.

    REGISTER NOW

    👉 (Limited Seats Available) 👈

    Thank You For Registering !

    Our Team Will Reach You Soon